নলবাৰী,4 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ পূৰ্বে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাইক ৰেলী ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে "কা" বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তনৰ দাবীত বিশাল বাইক ৰেলী উলিয়াই ৷ নলবাৰী চহৰৰ এন টি ৰোডৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা বাইক ৰেলীৰে সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰে ৷ ইয়াৰ লগতে সংগঠনটোৱে জিলাখনৰ ভিন্ন প্ৰান্তত "কা" বিৰোধী আন্দোলন পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাই ৷

উল্লেখ্য যে বৃহস্পতিবাৰে উলিওৱা বাইক ৰেলীত সংগঠনটোৱে "কা" আমি নামানো,বিজেপি গ'বেক,কা বাতিল কৰিব লাগিব আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ এই বাইক ৰেলী কাৰ্যসূচীত সংগঠনটোৰ প্ৰায় শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়ক: নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত বাধ্যতামূলক কোভিড প্ৰতিষেধক