ETV Bharat / state

নলবাৰীত অগপৰ নিৰ্বাচনী কুচ-কাৱাজ

author img

By

Published : Feb 22, 2021, 2:57 PM IST

সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে এতিয়া আকৰ্ষণীয় হৈ প‌ৰিছে মিত্ৰজোঁট অগপ আৰু ‌বিজে‌পিৰ মাজৰ প্ৰা‌ৰ্থিত্বকে‌ন্দ্ৰিক সংঘাত ।

agp-meeting
নলবাৰীত অগপৰ নিৰ্বাচনী কুচ-কাৱাজ

নলবাৰী, 22 ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে এতিয়া আকৰ্ষণীয় হৈ প‌ৰিছে মিত্ৰজোঁট অগপ আৰু ‌বিজে‌পিৰ মাজৰ প্ৰা‌ৰ্থিত্বকে‌ন্দ্ৰিক সংঘাত । সমান্তৰালকৈ সকলো ৰাজনৈতিক দল সমূহ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত । দেওবাৰে অসম গণ পৰিষদ দলে নলবাৰী জিলাৰ ধনতোলাৰ পূৱ-বতাহগিলা বিদ্যামন্দিৰ হাইস্কুল প্ৰাংগনত বতাহগিলা মণ্ডল পৰিষদৰ বুথ সন্মিলন সভা অনুষ্ঠিত কৰে । উক্ত সভাত দলীয় কৰ্মী সকলক আগন্তুক নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত অসম গণ পৰিষদৰ নেতা সকলে অৱগত কৰায় ।

তদুপৰি এই সভাত সংবাদ মাধ্যমৰ আগত আগন্তুক বিধানসভা নিৰ্বাচনত অগপ দলক নলবাৰী আৰু হাজো সমষ্টিত প্ৰতিনিধিত্ব কৰিব দিবলৈ ভাৰতীয় জনতা পাৰ্টি দলক অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনে আহ্বান জনায় ।

উক্ত সভাত উপস্থিত থাকে অসম গণ পৰিষদৰ কাৰ্য্যনিৰ্বাহক সদস্য দীলিপ কুমাৰ দাস, জিলা সভাপতি আনন্দ ৰাজবংশী, অগপৰ জ্যেষ্ঠ নেতা ড° ৰবীন দাস, মদন মালাকৰ, বিধান পৰিষদৰ সভাপতি নৰেন দাস সহ বহু নেতা-কৰ্মী ।

এই সভাৰ পিছতে নলবাৰী সমষ্টিটোৰ অন্তৰ্গত আল্লিয়া মণ্ডল পৰিষদতো এখন বুথ সন্মিলন অনুষ্ঠিত কৰা হয় । মণ্ডল পৰিষদৰ সভাপতি বাবুল বসুমতাৰীৰ পৌৰহিত্যত দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নুৰুল হুছেইন, অসম যুৱ পৰিষদৰ উপ সভাপতি দিলীপ কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনতো বহু কেইগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক: কমল কুমাৰ মেধিক গামোচা পিন্ধাব জাকিৰ হুছেইন শিকদাৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.