ETV Bharat / state

নলবাৰীত অগপৰ বিশাল কৰ্মীসভা

author img

By

Published : Nov 1, 2020, 8:12 PM IST

দেওবাৰে নলবাৰীত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ এক কৰ্মী সভা ৷ সভাত অংশগ্ৰহণ কৰি যুৱ নেতা দিলীপ কুমাৰ দাসে পৰৱৰ্তী নিৰ্বাচনত নলবাৰী সমষ্টি অগপ দলক এৰি দিবলৈ বিজেপিক আহ্বান জনায় ৷

AGP Meet in nalbari assam etv bharat news
অগপৰ বিশাল কৰ্মীসভা

নলবাৰী,1 নৱেম্বৰ: নলবাৰীত দেওবাৰে অনুষ্ঠিত হৈ যায় অগপৰ এক বিশাল কৰ্মী সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰে দলটোৰ কেন্দ্ৰীয় যুৱ নেতা দিলীপ কুমাৰ দাসে ৷ দাসে সভাখনত দাবী কৰা অনুসৰি, এইবাৰ বিজেপিয়ে নলবাৰী সমষ্টি অগপক এৰি দিব লাগিব ৷ বিগত 2016 চনৰ নিৰ্বাচনত বিজেপিক দলটোৱে তিনিখন আসন এৰি দিয়াৰ কথা ব্যক্ত কৰে ৷ এই দাবীৰ ভিত্তিতে এইবেলি বিজেপিয়ে মিত্ৰতাৰ স্বাৰ্থত নলবাৰী সমষ্টিৰ আসনখন অগপক এৰি দিব বুলি একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে দলটো ৷

অগপৰ বিশাল কৰ্মীসভা

জিলাখনৰ সাগৰকুছি-খাতিকুছি চ’কৰ দুৰ্গা মন্দিৰ চৌহদত অনুষ্ঠিত উক্ত সভাত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় উপ-সভাপতি দিলীপ পাটগিৰীকে ধৰি কেইবাগৰাকীও নেতা-কৰ্মী ৷ এই সভাতে বিজেপি আৰু কংগ্ৰেছৰ বহু কেইগৰাকী কৰ্মীয়ে আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে ৷

লগতে চাওকঃ ক'ত হেৰাল বেণ্ডিকোট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.