নলবাৰী, 25 ডিচেম্বৰ: নলবাৰীৰ জাজিয়াবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন বাইকত তিনিজনকৈ আৰোহী নলবাৰী অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত এজন বাইক আৰোহীৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক ৷ নিহত লোকজনৰ নাম প্ৰবীন ৰাজবংশী বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, এই পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ বিযয়ে কোনো তথ্য লাভ কৰা নাই প্ৰশাসনৰ লোকে ৷ আঘাতপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক: হায়দৰাবাদত আটক আন্তঃৰাজ্যিক চুৰিচক্ৰৰ মুল অভিযুক্ত