ETV Bharat / state

ড্ৰাগছৰ বেহাত জড়িত এবিএমছুৰ সম্পাদক আৰক্ষীৰ জালত

এ বি এমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকক আটক বেলশৰ আৰক্ষীৰ ৷ ড্ৰাগছৰ বেহাত জড়িত থকাৰ বাবে আটক কৰা হৈছে সংগঠনটোৰ সম্পাদকগৰাকীক ৷ তদন্ত অব্যাহত আৰক্ষীৰ ৷

ABMSU ASSISTANT GENERAL SECRETARY ARREST BY POLICE
ড্ৰাগছৰ বেহা কৰি আৰক্ষীৰ জালত এ বি এমছুৰ সহকাৰী সাধাৰণ সম্পাদক
author img

By

Published : Jul 28, 2021, 10:32 PM IST

নলবাৰী, 28 জুলাই : নলবাৰীত ড্ৰাগছৰ বেহা (Drugs Mafia)ত জড়িত হৈ ধৰাত পৰিল এ বি এমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৷ আটকাধীন এ বি এমছুৰ কেন্দ্ৰীয় সমিতিৰ সদস্যজন ছাহিদুৰ ৰহমান বুলি জানিব পৰা হৈছে । নলবাৰীৰ শিঙিমাৰাত বেলশৰ আৰক্ষীয়ে বুধবাৰে চলোৱা এক নিয়মীয়া তালাচীত ধৰা পৰে ছাহিদুৰ ৰহমান সহিতে ৰুবুল আলী ৷ ধৃত দুয়োজনৰ পৰা আৰক্ষীয়ে ব্ৰাউন চুগাৰ (Brown sugar)ৰ দুটা কণ্টেইনাৰ জব্দ কৰে ৷

ছাহিদুৰ ৰহমান সহিতে ৰুবুল আলীৰ ঘৰ বৰমাত বুলি জানিব পৰা হৈছে ৷ ইতিমধ্যে দুয়োকে আদালতত (Nalbari court) হাজিৰ কৰোৱা হৈছে । উল্লেখযোগ্য যে, বিগত কিছুদিন পূৰ্বে বিটিআৰৰ এ বি এমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি স্বাইজুদ্দিন খণ্ডকাৰক ধৰ্ষণৰ গোচৰত জেললৈ প্ৰেৰণ কৰা হৈছিল ৷

ABMSU ASSISTANT GENERAL SECRETARY ARREST BY POLICE
ড্ৰাগছৰ বেহা কৰি আৰক্ষীৰ জালত এ বি এমছুৰ সহকাৰী সাধাৰণ সম্পাদক

এ বি এমছুৰ নেতাৰ এনে কাণ্ডত সকলোৰে মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs Smuggler) ৷

লগতে পঢ়ক : বৰপেটাৰ বাসগৃহত নাজমূলৰ নশ্বৰদেহ : ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.