ETV Bharat / state

Samujjal Kumar Bhattacharya : শিক্ষক সকলৰ প্ৰতি কৰা অপমানসূচক মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়: সমুজ্জ্বল কুমাৰ ভট্টচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:59 PM IST

নলবাৰীত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ নলবাৰী শ্বহীদ ভৱনত উপস্থিত হৈ সাংবাদিকৰে বাৰ্তালাপত মিলিত হয় উপদেষ্টা গৰাকী ৷ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰা শিক্ষকক লৈ মুখ্যমন্ত্ৰীয়ে অপমানসূচক মন্তব্যৰ পৰা বিৰত থাকক বুলি মন্তব্য ড° সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যৰ ৷

Samujjal Kumar Bhattacharya Criticizes CM
নলবাৰীত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

মুখ্যমন্ত্ৰীক সমালোচনা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

নলবাৰী, ১৬ অক্টোবৰ : শিক্ষক সকলক হিতাধিকাৰী বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ মুখ্যমন্ত্ৰীয়ে শিক্ষক সকলক লৈ কৰা এই মন্তব্যক ধিক্কাৰ জনাইছে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷ সোমবাৰে বিয়লি নলবাৰীত উপস্থিত হৈ শিক্ষক সকলক লৈ কৰা অপমানজনক মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে আছু নেতাগৰাকীয়ে ৷

সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যই কয় যে, শিক্ষক সকলক মেধাৰ ভিত্তিত বাচনি কৰি নিযুক্তি দিয়া হয় ৷ অসমত সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তিসকলেই হ’ল শিক্ষক-শিক্ষয়িত্ৰী সকল ৷ শিক্ষক-শিক্ষয়িত্ৰী সকলেই হ’ল মানুহ গঢ়াৰ খনিকৰ ৷ গতিকে সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তিসকলক, মানুহ গঢ়াৰ খনিকৰ সকলৰ প্ৰতি কৰা এনে অপমানসূচক মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ এই কথাক লৈ আছু স্তম্ভিত, শিক্ষক-শিক্ষয়িত্ৰী সকলে এই মন্তব্যত বেজাৰ পাইছে ৷ গতিকে সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী সকলক এনেদৰে অপমানসূচক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীক সকিয়াই দিয়ে আছুৰ মুখ্য উপদেষ্টাজনে ৷

ইফালে ৰাজ্যত নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ শিক্ষক-কৰ্মচাৰী সকলে কৰা দাবীত আছু একমত বুলি কয় সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ কৰ্মচাৰী পৰিষদ, শিক্ষক সন্মিলনীকে ধৰি যি সমূহ সংগঠনে আন্দোলনৰ কাৰ্যসূচী চলাই আহিছে তেওঁলোকৰ দাবীক সদৌ অসম ছাত্ৰ সন্থাই সমৰ্থন জনাইছে বুলি কয় তেওঁ ৷ লগতে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ বাবে চৰকাৰক দাবী জনায় নেতাজনে ৷

লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলক বিষেশকৈ অনা শৈক্ষিক কামত ব্যস্ত ৰখাৰ পৰা চৰকাৰ দূৰত থাকিব লাগে বুলিও মন্তব্য কৰে আছু নেতাজনে ৷ এই দাবী আছুৱে পূৰ্বৰ পৰাই জনায় আহিছে আৰু সোমবাৰেও নলবাৰীৰ শ্বহীদ ভৱনৰ পৰা পুনৰ এবাৰ এই দাবী আছুৱে উত্থাপন কৰিছে বুলি মন্তব্য কৰে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক : Microfinance Loan Relief Assam : মুখ্যমন্ত্ৰীয়ে হাত দাঙিলে, মাইক্ৰ'ফাইনেন্সৰ ঋণ নল'বলৈ আহ্বান মহিলাসকলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.