নলবাৰী,28 নৱেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিবেশনত নলবাৰীৰ পৰা প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যৰ পৰা ভবজিৎ বেজবৰুৱাই সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক ৰূপে নিৰ্বাচিত হোৱা ছাত্র নেতা আৰু ৰিয়াজ উদ্দিন আহমেদে ৰাজ্যিক কাৰ্যনিৰ্বাহক নিৰ্বাচিত হোৱাত দুয়োগৰাকীকে শনিবাৰে নলবাৰীৰ সীমান্তৰ বিজুলী ঘাটৰ পৰা এক বিশাল ৰেলীৰে আদৰি আনে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিলৈ ৷ শ্বহীদ ভৱনত উপস্থিত হৈ ছাত্র নেতা দুগৰাকীয়ে শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে ।
আনহাতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়োগৰাকী নেতাত উস্ম আদৰণি জনাই মানপ্ৰত্ৰ গামোচা, শৰাইৰে। উল্লেখযোগ্য যে, আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত সম্বধৰ্ণা জনাই নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী আঞ্চলিক ছাত্র সন্থা, শংকৰদেৱ একাডেমী, নলবাৰীৰ লগতে নলবাৰী জিলা উন্নতি সভা, গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ লগতে বিভিন্ন আঞ্চলিক অনুষ্ঠান প্ৰতিষ্ঠানে । এই সম্ভাষণ অনুষ্ঠানত উপস্থিত থাকে জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকাৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিমান বৰ্মনৰ লগতে জিলা ছাত্র সন্থাৰ আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া সকল ।
লগতে পঢ়কঃ লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ