ETV Bharat / state

বাৰিষা আহিলেই বানত বুৰ যোৱা নলবাৰীৰ এখন বিশেষ গাঁও

বাৰিষাৰ সময়ছোৱাত নাও নহলে নচলে এইখন গাওঁৰ ৰাইজৰ জীৱন আৰু জীৱিকা ৷ এই গাওঁখনৰ লোকসকলে বাৰিষাৰ লগে লগে সাজু কৰি তোলে নাওসমূহ ৷

author img

By

Published : Jun 12, 2020, 12:12 PM IST

A village immersed in flood during rainy days in Nalbari
বাৰিষা আহিলেই বানত বুৰ যোৱা নলবাৰীৰ এখন বিশেষ গাঁও

নলবাৰী, 12 জুন: নলবাৰী নগৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বত থকা এখন বিশেষ গাঁও ৷ বাৰিষা আহিলেই পানীৰ তলত বুৰ যায় বৰশিমলুৱা নামৰ এই গাঁওখন ৷ বাৰিষাৰ সময়ছোৱাত নাও নহলে নচলে এইখন গাওঁৰ জীৱন আৰু জীৱিকা ৷ এই গাওঁখনৰ লোকসকলে বাৰিষাৰ লগে লগে সাজু কৰি তোলে নাও সমূহ ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহল গাঁওবাসী ৷ এতিয়া নাও বনোৱাত ব্যস্ত হৈ পৰিছে গাঁও খনৰ প্ৰায় সকলো পৰিয়াল ৷ উল্লেখ্য যে, বাৰিষা বিলত থকা মৎস্য চিকাৰ কৰি জীৱন সংগ্ৰাম চলাই নিয়াৰ বাহিৰে অন্য একো উপায় নাই গাঁও খনৰ ৰাইজৰ ৷ খেতিৰ পথাৰত কেৱল পানী আৰু পানী ৷

উল্লেখ্য যে, নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এই শিমলীয়া গাঁৱৰ ৰাইজে স্বাধীনতাৰ 70 বছৰৰ পিছতো এনেদৰে চলাই গৈছে জীৱন ৷ পৰিয়ালৰ সমুহৰ সংস্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা নাই কোনো বিশেষ ব্যৱস্থা ৷ সম্প্ৰতি গাঁওখনৰ কেইবাটাও পৰিয়ালৰ নাই নাও ৷ যাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে পৰিয়াল সমূহ ৷ বাৰিষাৰ লগে লগে এইসমূহ পৰিয়ালে আনকি পথৰ ওপৰলৈ আহিবলৈ প্ৰয়োজন হয় নাওখন । উন্নয়নৰ কথাটো বাদেই গাওঁ খনত আজিও বিধায়ক নাৰায়ণ ডেকাক দেখা নাই বুলি অভিযোগ গাঁওখনৰ ৰাইজৰ ৷ উপায়ন্তৰ হৈ নাও নোহোৱা দুৰ্ভগীয়া পৰিয়াল সমূহক একোখনকৈ নাও দিবলৈ চৰকাৰ তথা স্থানীয় বিধায়কলৈ অনুৰোধ জনাইছে গাঁওখনৰ নাও নথকা পৰিয়াল সমূহে ৷ লক্ষণীয় যে বছৰ বছৰ ধৰি গাঁওখনৰ ৰাইজে বানৰ সমস্যাত ভুগি আহিছে যদিও চৰকাৰে লোৱা নাই কোনো বিকল্প পথ ৷ এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে গাঁওবাসীয়ে ৷

লগতে পঢ়কঃ শিৱসাগৰৰ দিখৌ নৈত মৃতদেহ প্ৰত্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.