ETV Bharat / state

আন্ধাৰৰ সৈতে মোকাবিলা কৰা জিতুক সহায়ৰ প্ৰয়োজন - নলবাৰীৰ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী

শৈশৱৰ পৰাই চকুজুৰিৰে নেদেখা নলবাৰীৰ নিজ পকোৱাৰ জিতু দাসৰ উন্নত চিকিৎসাৰ বাবে স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ ৷ মোমায়েকৰ ঘৰত থাকি ডাঙৰ হোৱা জিতুৰ দুবাৰকৈ চকুৰ অস্ত্ৰোপচাৰ কৰা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিবলৈ পৰামৰ্শ দিয়ে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ জিতুক এতিয়া সহায়ৰ প্ৰয়োজন ৷

আন্ধাৰৰ সৈতে মোকাবিলা কৰা জিতুক সহায়ৰ প্ৰয়োজন

author img

By

Published : May 15, 2020, 3:04 PM IST

নলবাৰী, 15 মে’: নলবাৰী জিলাৰ নিজ পকোৱাৰ এজন ছাত্ৰৰ কৰুণ গাঁথা ৷ সপ্তম শ্ৰেণীৰ পৰাই অন্ধ হৈ পৰা জিতু দাস নামৰ ছাত্ৰজনে এতিয়া নিজকে আন্ধাৰৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা কৰিছে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ অজিত দাসৰ পুত্ৰ জিতুৱে 3 বছৰ বয়সৰ পৰাই মোমায়েকৰ ঘৰত থাকি ডাঙৰ-দীঘল হয় ৷ জিতুৰ পিতৃ অজিত দাসে আনৰ ঘৰত ৰং লগোৱা কাম কৰিছিল যদিও তেওঁৰ ভৰি এখন ভাঙি থকাত জিতুৰ মাতৃ মঞ্জু দাসে আনৰ ঘৰত কাম কৰি পৰিয়ালটো পোহপাল দি আছে ৷

মোমায়েকৰ ঘৰত থকাৰ সময়তে চকুৰ কিছু সমস্যাত ভোগাৰ পিছত মোমায়েকে জিতুক এখন ব্যক্তিগত চিকিৎসালয়ত চকু পৰীক্ষা কৰে আৰু দুবাৰকৈ অস্ত্ৰোপচাৰ কৰে যদিও জিতুৰ চকুৰ বিসংগতি দূৰ নহ’ল ৷ ইয়াৰ পিছত স্থানীয় ৰাইজৰ সহায় লৈ জিতুৰ পৰিয়ালে বন্ধন বেংকৰ পৰা টকা সুতত লৈ নেপাললৈ চকু চিকিৎসাৰ বাবে লৈ যায় আৰু নেপালৰ চিকিৎসকে জিতুক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিবলৈ পৰামৰ্শ দিয়ে ৷ লগতে ১০ বছৰ পিছত জিতুৱে সম্পূৰ্ণৰূপে দেখা নোপোৱা হ’ব বুলিও চিকিৎসকে পৰিয়ালক অৱগত কৰে ৷

আন্ধাৰৰ সৈতে মোকাবিলা কৰা জিতুক সহায়ৰ প্ৰয়োজন

ইতিমধ্যে জিতুৱে লাহে লাহে চকুজুৰিৰে দেখা নোপোৱা হোৱাত নলবাৰীৰ পকোৱা হাইস্কুলত সপ্তম শ্ৰেণীৰ পৰা শিক্ষা জীৱনৰ ইতি পেলাবলগীয়া হয় ৷ সংগীত ভালপোৱা মেধাৱী ছাত্ৰজনৰ এনে দুৰৱস্থাৰ কথা জানি নলবাৰীৰ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে জিতুৰ চিকিৎসাৰ বাবে 5 হাজাৰ টকা সাহাৰ্য্য হিচাপে আগবঢ়ায় ৷ দুৰ্ভগীয়া জিতুৱে তেওঁক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় ৷

লগতে পঢ়ক : মানকাচৰত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.