নলবাৰী, 9 ফেব্ৰুৱাৰীঃ পখিলা খেদি ফুৰা বয়সতে নলবাৰীৰ এই শিশুটিৰ দেহত দুৰাৰোগ্য কৰ্কট ৰোগ ধৰা পৰাত, এতিয়া দিক বিদিক হেৰুৱাইছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ৷ সমনীয়াৰ সৈতে খেলি থকা শিশুটিয়ে নাজানে তাৰ দেহত কঢ়িয়াই থকা এই ব্যাধিৰ কথা ৷ প্ৰায় তিনি মাহ আগতে নলবাৰী জিলাৰ ৰাইমাধা গাঁৱৰ বাবুল আলীৰ পুত্ৰ জব্বাৰ, আক্ৰান্ত হৈছিল তীব্ৰ জ্বৰত ৷ কিন্তু পৰৱৰ্তী সময়ত এই জ্বৰ কৰ্কট ৰোগ হৈ ধৰা পৰে জব্বাৰৰ দেহত ৷
শিশুটিৰ পিতৃ পেছাত এগৰাকী হেণ্ডিমেন ৷ পুত্ৰক উন্নত চিকিৎসাৰ বাবে ড৹ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা মুম্বাইলৈ প্ৰেৰণৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিৎসকে ৷ পিছে, পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃৰ হাতত নাই পৰ্যাপ্ত ধন ৷ ওচৰ চুবুৰীয়াই কিছু সহায়ৰ হাত আগবঢ়াইছে যদিও পুত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজন কেইবা লক্ষাধিক টকাৰ ৷ পুত্ৰৰ চিকিৎসাৰ বাবে কিঞ্চিৎ সহায় বিচাৰি ইটিভি ভাৰতৰ সাংবাদিকৰ আগত উচুপি উঠিল অসহায় মাতৃ ৷
অসহায় শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন সকলোৰে সহায়ৰ ৷ সেয়েহে, পৰিয়ালটোৰ সহায়ৰ স্বাৰ্থত আপুনিও যোগাযোগ কৰিব পাৰে 94350-65784 নম্বৰত | আপোনাৰ এধানি সহায়ে সুস্থ কৰি তুলিব পাৰে এই শিশুটিক, হাঁহি বিৰিঙাই তুলিব পাৰে অসহায় পিতৃ মাতৃৰ মুখত ৷
লগতে পঢ়ক ঃ ভাইৰাছ-আক্ৰান্ত চীনলৈ WHOৰ নিৰীক্ষণকাৰী দল প্ৰেৰণ