ETV Bharat / state

ব্যক্তিগত প্ৰচেষ্টাত নলবাৰী চহৰত চেনিটাইজ কৰি ফুৰা ল'ৰাজন - চেনিটাইজেচন নলবাৰী

বিগত প্ৰায় তিনিমাহৰ পৰা নলবাৰীৰ বাঘমাৰা গাঁৱৰ বাসিন্দা নাচিকুৰ ৰহমান নামৰ যুৱকগৰাকীয়ে নিজাববীয়া প্ৰচেষ্টাৰে জিলাখনৰ ভিন্ন প্ৰান্তত কৰি গৈছে চেনিটাইজেচন ৷ কোনো চৰকাৰী সহযোগিতা অবিহনে লক ডাউনৰ মাজতো যুৱকজনে অব্য়াহত ৰাখিছিল এই কাৰ্য ৷

A boy involve in doing sanitization in nalbari assam etv bharat news
একক প্ৰচেষ্টাৰে চেনিটাইজেচন
author img

By

Published : Jul 12, 2020, 11:20 AM IST

নলবাৰী,12 জুলাই: কৰ’ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশ একপ্ৰকাৰ স্তব্ধ হৈ থকাৰ সময়তে একাংশ লোকে সুৰক্ষাৰ অৰ্থে নিজাববীয়াকৈ আৰম্ভ কৰিছে চেনিটাইজেচন ৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰতো এগৰাকী যুৱকে একক প্ৰচেষ্টাৰে আৰম্ভ কৰিছে এই কাৰ্য ৷ বিগত প্ৰায় তিনিমাহৰ পৰা বাঘমাৰা গাঁৱৰ বাসিন্দা নাচিকুৰ ৰহমান নামৰ যুৱকগৰাকীয়ে নিজাববীয়া প্ৰচেষ্টাৰে জিলাখনৰ ভিন্ন প্ৰান্তত চলাই গৈছে চেনিটাইজেচন ৷ চৰকাৰী কোনো সহযোগিতা অবিহনে লক ডাউনৰ মাজতো যুৱকজনে অব্য়াহত ৰাখিছিল এই কাৰ্য ৷ সম্প্ৰতি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা যুৱকজনে জিলাখনৰ ভিন্ন প্ৰান্তৰ ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান, হোটেল, আৰক্ষী চকী, চিকিৎসালয় আদিত কৰি গৈছে চেনিটাইজেচন ৷

নলবাৰীৰ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

পেচাত এগৰাকী চাইকেল মেকানিক নাচিকুৰে ঘগ্ৰাপাৰ চ’কত চাইকেল মেৰামতি কৰা দোকান খুলি পোহপাল দি আছে পৰিয়ালক ৷ লক্ ডাউনৰ বাবে একপ্ৰকাৰ স্তব্ধ হৈ পৰা ব্যৱসায়ৰ পিছতো যুৱকজনে একাণপতীয়াকৈ নিয়োজিত হৈছে চেনিটাইজেচন কাৰ্যত ৷ তদুপৰি সঞ্চয়ত কৰা জমা পুঁজিৰ পৰা 25,000 টকা ঋণ হিচাপে লৈ যুৱকজনে এই সামাজিক কাৰ্যত ব্যয় কৰে ৷ নাচিকুৰে ব্যৱহাৰ কৰা চেনিটাইজেচনৰ সামগ্ৰীসমূহ মহানগৰীৰ গোটানগৰৰ পৰা অনাৰ বাবদ যুৱকজনৰ ব্যয় হৈছে বহু পৰিমাণৰ ধন ৷ নাচিকুৰৰ এই কাৰ্য সচেতন মহলে প্ৰশংসা কৰিছে ৷

A boy involve in doing sanitization in nalbari assam etv bharat news
একক প্ৰচেষ্টাৰে চেনিটাইজেচন

লগতে চাওকঃ নতুন মোৰ লৈছে নয়নতৰা বৰুৱা হত্যাকাণ্ডই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.