নলবাৰী,৬ ফেব্ৰুৱাৰী : নলবাৰীত নিৰ্মাণ কাৰ্য চলি আছে অসমৰ আটাইতকৈ ওখ শিৱ মূৰ্তিৰ (Tallest Shiv Statue of Assam)। এই মূৰ্তিটো বিশ্বৰ ভিতৰত ষষ্ঠতম উচ্চ মূৰ্তি হ'ব বুলি জানিব পৰা গৈছে । প্ৰায় ৯১ ফুট উচ্চতাৰ এই শিৱ মূৰ্তিটো নলবাৰী জিলাৰ খাৰজাৰা আশ্ৰমৰ সমীপতেই নিৰ্মাণ কৰি থকা হৈছে (91 feet tall Shiv Statue constructing in Nalbari)।
নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সহযোগত নিৰ্মাণ কৰি থকা হৈছে এই সুউচ্চ শিৱ মূৰ্তিটো । অতি শীঘ্ৰে মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব । সেয়ে মূৰ্তিটোৰ উন্মোচন আৰু লোকাৰ্পণৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডে ।
সোমবাৰে এই সুউচ্চ মূৰ্তিটোৰ উন্মোচন আৰু লোকাৰ্পণ কাৰ্যসূচী সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ বিষয়ববীয়াসকলে (Mahalakshmi Savings and Lending Co operative Society Limited)। মূৰ্তিৰ নিৰ্মাণস্থলীতে সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা ব্যবস্থা প্ৰমুখ যজ্ঞেশ্বৰ গোস্বামী, বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগৰ সম্পাদক অনুপ দাস আৰু শিৱ মূৰ্তি নিৰ্মাণৰ প্ৰধান খনিকৰ প্ৰদীপ পালৰ লগতে আন আন উদ্যোক্তাসকল ।
উল্লেখ্য যে মহাশিৱৰাত্ৰিৰ দিনটোতে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব এই বিশাল শিৱ মূৰ্তিটো (Huge Shiv idol to be unveiled on Mahashivratri)। নলবাৰী চহৰৰ সমীপৰ খাৰজাৰা আশ্ৰমৰ নিচেই কাষতে নিৰ্মীয়মান এই মূৰ্তিটো প্ৰথম অৱস্থাত ৯১ ফুট নিৰ্মাণ কৰাৰ কথা নাছিল যদিও নিৰ্মাণৰ সময়ত ইয়াৰ উচ্চতা বৃদ্ধি কৰিবলগীয়া হয় ।
ইফালে মহাদেৱৰ এই সুউচ্চ মূৰ্তিটো উন্মোচনৰ লগতে বিশালভাৱে মহাশিৱৰাত্ৰি আয়োজনৰ বাবে প্ৰস্তুতি চলাইছে উদ্যোক্তাই । আৰ এছ এছ নেতা বশিষ্ঠ বুজৰবৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰিবলগীয়া এই সুউচ্চ শিৱমূৰ্তিটোত বৰ্তমানলৈকে ৩২ লাখ টকা খৰচ হৈছে বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে । অৱশ্যে এতিয়াও ৬-৭ লাখ টকাৰ কাম বাকী থকাৰ কথাও সদৰি কৰিলে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডে । বিশাল শিৱ মূৰ্তিটোক লৈ নলবাৰীত এতিয়া ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । বিভিন্ন স্থানৰ পৰা ভক্তসকলে মূৰ্তিটো চাবলৈ ভিৰ কৰা দেখা গৈছে ।
লগতে পঢ়ক :MP Fund Scam: সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত দুৰ্নীতি, তদন্তৰ বাবে বাইহাটাত চি এম ভিজিলেঞ্চৰ দল