ETV Bharat / state

35th foundation day: কলিতা জনগোষ্ঠী সন্মিলনৰ ৩৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Oct 25, 2022, 7:51 PM IST

Updated : Oct 25, 2022, 10:44 PM IST

ৰঙিয়াৰ ৰাইজমেল কৃষক শ্বহীদ ভৱনত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ৰঙিয়া জিলা সমিতিৰ ৩৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (35th foundation day of Kalita jonogosthi sanmilan)৷ লগতে অহা ৩০ অক্টোবৰত ৰঙিয়াত অনুস্থিত হ’ব লগা কলিতা জনগোষ্ঠী সন্মিলনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তুতি সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় ৷

35th foundation day of Kalita jonogosthi sanmilan
35th foundation day: কলিতা জনগোষ্ঠীৰ সন্মিলনৰ ৩৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন

ৰঙিয়া, 25 অক্টোবৰ: 35 বছৰ গৰকিলে ৰঙিয়া জিলা কলিতা জনগোষ্ঠী সন্মিলনে ৷ মঙলবাৰে ৰঙিয়াৰ ৰাইজমেল কৃষক শ্বহীদ ভৱনত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ৰঙিয়া জিলা সমিতিৰ ৩৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (35th foundation day of Kalita jonogosthi sanmilan)৷ ৰঙিয়া জিলা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতাই পতাকা উত্তোলন কৰি এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

35th foundation day of Kalita jonogosthi sanmilan
কলিতা জনগোষ্ঠীৰ সন্মিলনৰ ৩৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন

এই অনুষ্ঠানত কলিতা জনগোষ্ঠীৰ বীৰ শ্বহীদ তথা সংগঠনটোৰ প্ৰয়াত কাৰ্যকৰ্তাসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি চানু কলিতাই ৷ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে কলিতা জনগোষ্ঠী সন্মিলনৰ ৰঙিয়া জিলা মহিলা সমিতি সভানেত্ৰী ৰীণা কলিতা মহন্ত তথা সমূহ কৰ্মকৰ্তাই ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুস্থিত সম্বৰ্দ্ধনা আৰু মুকলি সভাত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি পবিন কলিতাই ৷

সন্মিলনৰ ৰঙিয়া জিলা সমিতিৰ সম্পাদক জয়ন্তজিত কলিতা আৰু সাংগঠনিক সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটিত সদ্যঘোষিত নীট আৰু লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীণ হৈ ৰঙিয়ালৈ সুনাম কঢ়িয়াই অনা পৰিস্মিতা কলিতা , ধীমান ভাৰ্গৱ আৰু ফিৰদৌছৰ ৰহমানক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

ইয়াৰোপৰি এই বিশেষ অনুষ্ঠানত জনগোষ্ঠী সন্মিলনৰ ৰঙিয়া জিলা মহিলা সমিতিৰ উপদেষ্টা গয়া ৰাণী কলিতা, উপ সভানেত্ৰী সুৰভি লহকৰ, সম্পাদিকা মেঘালী ডেকা, সাংগঠনিক সম্পাদিকাদ্বয় দীপা তালুকদাৰ লহকৰ আৰু অঞ্জুমণি কলিতা, জিলা কাৰ্যনিৰ্বাহক দেবেন ডেকা, সমাজকৰ্মী ৰঞ্জিত কলিতা, শিক্ষক ৰাজেন কলিতা, সমাজকৰ্মী শৰৎ কলিতা, হিৰকজ্যোতি কলিতা, জ্যোতিষ ডেকা, ধীৰদত্ত কলিতা, জ্যোতিস্মান কলিতা, কুলদীপ ডেকা , সুৰঞ্জন কলিতা প্ৰমুখ্যে বহুসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

মুকলি সভাৰ শেষত অহা ৩০ অক্টোবৰত ৰঙিয়াত অনুস্থিত হ’ব লগা কলিতা জনগোষ্ঠী সন্মিলনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তুতি সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় ৷ লগতে আগন্তুক অনুষ্ঠানটোৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ৰঙিয়া জিলা সমিতিয়ে ৷

লগতে পঢ়ক: Assam CS at Kaliabor: নিজে পঢ়া বিদ্যালয়ত ৰাজ্যৰ মুখ্য সচিব

Last Updated : Oct 25, 2022, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.