নলবাৰী, 31 অক্টোবৰ : দেওবাৰে নলবাৰী জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় ‘‘উৎসাহ 2022’’ শীৰ্ষক দ্বিতীয় বাৰ্ষিক সদৌ অসম আমন্ত্ৰণমূলক সাঁতোৰ প্ৰতিযোগিতা (2nd all assam invitational Swimming competion) । দিনযোৰা কাৰ্যসূচীৰে নলবাৰী চহৰৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় আমন্ত্ৰণমূলক সাঁতোৰ প্ৰতিযোগিতাখন । এই প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে নলবাৰী জিলা সাঁতোৰ সন্থাৰ সভাপতি উৎপল ডেকাই ৷
তাৰ পিছতেই সাঁতোৰ প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীগন্ত শৰ্মাই । উক্ত আমন্ত্ৰণমূলক সাঁতোৰ প্ৰতিযোগিতাত (Swimming competition in Nalbari) মুঠ 3 খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ জানিব পৰা মতে, 5 টাকৈ শাখাত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত কামৰূপ মেট্ৰ’, নলবাৰী আৰু বজালী জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : National Unity Day 2022 : গুৱাহাটীত একতাৰ দৌৰৰ কাৰ্যসূচীত হিমন্ত বিশ্ব আৰু সৰ্বানন্দৰ অংশগ্ৰহণ
এই সাঁতোৰ প্ৰতিযোগিতাত কামৰূপ মেট্ৰ’ই শ্ৰেষ্ঠত্ব খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে, উক্ত আমন্ত্ৰণীমূলক সাঁতোৰ প্ৰতিযোগিতাখনত অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু ৰাজ্যিক সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুংও উপস্থিত থাকে ।
এই সাঁতোৰ প্ৰতিযোগিতাৰ এগৰাকী আয়োজকে উল্লেখ কৰা অনুসৰি, অসমৰ ভিন্ন প্ৰান্তৰ সাঁতোৰবিদ তথা খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় উক্ত প্ৰতিযোগিতাৰ ৷ অৱশ্যে ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰে আয়োজন কৰিব পৰা নাছিল এই প্ৰতিযোগিতাখনিৰ ৷ কিন্তু বৰ্তমান পৰিস্থিতি কিছু সাম কটাত এইবছৰ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে এই সাঁতোৰ প্ৰতিযোগিতাখনিৰ ৷
1989 ৰ পৰাই কাম কৰি অহা সদৌ অসম সাঁতোৰ সন্থাই অসমৰ ভিন্ন প্ৰান্তৰ সাঁতোৰবিদ তথা খেলুৱৈসকলক আমন্ত্ৰণ জনাই আয়োজন কৰে এই প্ৰতিযোগিতাৰ ৷ আনহাতে, এই প্ৰতিয়োগিতাত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিল প্ৰতিযোগিসকলো ৷
লগতে পঢ়ক : Assam tourism: শিৱসাগৰলৈ আহি অভিভূত এটা বিদেশী দম্পত্তি