ETV Bharat / state

Nalbari District Employees Council: নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ২২ সংখ্যক অধিবেশন সম্পন্ন

নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ২২ সংখ্যক অধিৱেশন সম্পন্ন । মুকলি সভাত উপস্থিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা ।

author img

By

Published : Jan 30, 2023, 12:57 PM IST

22nd session of Nalbari District Employees Council concluded
সফল সামৰণি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ২৬ সংখ্যক অধিবেশন

নলবাৰী, ৩০ জানুৱাৰী: সফল সামৰণি পৰিল নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ২৬ সংখ্যক অধিবেশনৰ (Nalbari District Employees Council) ৷ দেওবাৰে সন্ধিয়া নলবাৰী নাট্যমন্দিৰত মুকলি সভাৰে সামৰণি পৰে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ২৬ সংখ্যক অধিবেশনখন । নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বৰক্ষত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে (22nd session of Nalbari District Employees Council)।

এই সভাত উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাকে আদি কৰি জিলা কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকল । সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতাই ভাষণ প্ৰসংগত কয় যে চৰকাৰ আৰু কৰ্মচাৰী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । কৰ্মচাৰীৰ অভাৱ অভিযোগবোৰ চৰকাৰে গুৰুত্ব আৰোপ নকৰাতো দুখৰ বিষয় ।

ভাষণত বাসৱ কলিতাই লগতে কয় যে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চন ব্যৱস্থা ব্যক্তিগত খণ্ডৰ অধীনলৈ পঠিওৱাত সেইসমূহ দেউলীয়া হ’লে কৰ্মচাৰীৰ নাজল নাথল অৱস্থা হ’ব । চৰকাৰে যদি কৰ্মচাৰীৰ দুখ, অভিযোগত গুৰুত্ব নিদিয়ে অনাগত সময়ত ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ দিয়ে । লগতে নতুন পেঞ্চন ব্যৱস্থা প্ৰক্ৰিয়াৰ বিৰুদ্ধ সদৌ অসম কৰ্মচাৰী পৰিষদে সদায় বিৰোধ কৰি অহা বুলি ভাষণত সদৰি কৰে বাসৱ কলিতাই ।

তেওঁ কয় যে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখি নতুন পেঞ্চন ব্যৱস্থা পৰিহাৰ কৰক চৰকাৰে, অন্যথা প্ৰতিবাদ মুখৰ হ’ব ৰাজ্য । কিয়নো বহু চৰকাৰী কৰ্মচাৰীয়ে কম দিনৰ চাকৰি জীৱনৰ পৰা অৱসৰ লৈ পৰিয়াল পোহপালত এতিয়া এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে । ২০০৪ চনত ১ ফেব্ৰুৱাৰীৰ পৰা নিয়োজিত কৰ্মচাৰীৰ পুৰণি পেঞ্চন ব্যৱস্থা উঠাই লোৱাক লৈ ক্ষোভ প্ৰকাশ কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতাই ।

দেওবাৰে সন্ধিয়া নলবাৰী নাট্যমন্দিৰত জিলা কৰ্মচাৰী পৰিষদৰ ২২ সংখ্যক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকি এনেদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষুৰধাৰ ভাষণ অগবঢ়ায় সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টাগৰাকীয়ে । আনহাতে এই সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মায়ো ভাষণ প্ৰসংগত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

তেওঁ কয় যে চৰকাৰে কৰ্মচাৰীসকলক কাম কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ দৰকাৰ । চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন ব্যৱস্থাত কৰ্মচাৰীসকল শংকিত হৈ পৰিছে । লগতে পৰিষদৰ সভাপতিগৰাকীয়ে চৰকাৰী কৰ্মচাৰীৰ বাবে এখন সেৱা বিধি অতি শীঘ্ৰেই প্ৰৱৰ্তন কৰাৰ দাবী জনায় । পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখি কৰ্মচাৰীৰ শংকা দূৰ কৰিবলৈ আহ্বান জনালে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাই ।

উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ২২ সংখ্যক অধিবেশনখন দেওবাৰে সম্পন্ন হয় নাট্যমন্দিৰত ।

লগতে পঢ়ক: Remembering Labor Leader: শ্ৰমিক নেতা আব্দুল কৰিম ভূঞাৰ স্মৃতিত আলোচনা চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.