ETV Bharat / state

মুকালমুৱাত নিচাজাতীয় টেবলেটসহ আটক দুই সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সমান্তৰালকৈ ৰাইজেও তৎপৰ হৈছে ৷ এনে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নিজাববীয়াকৈ অভিযান চলাইছে নলবাৰীৰ মুকালমুৱাবাসীয়ে ৷

2 arrested for trying to smuggle drug
মুকালমুৱাত নিচাজাতীয় টেবলেটসহ আটক দুই সৰবৰাহকাৰী
author img

By

Published : Oct 21, 2021, 10:44 AM IST

নলবাৰী, 21 অক্টোবৰ : নলবাৰী জিলাৰ মুকালমুৱাৰ টেঘেৰীয়াট্টাৰী গাঁৱত বুধবাৰে স্থানীয় ৰাইজে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন নাৰায়ণপুৰ গাঁৱৰ ৰুবুল আলী আৰু চিৰাজুল হক । সৰবৰাহকাৰী দুটাৰ পৰা স্থানীয় লোকে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে ৷ টেঘেৰীয়াট্টাৰী গাঁৱৰ ৰাইজে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুটাক হাতে-লোটে আটক কৰি আৰক্ষীক চমজাই দিয়ে ।

মুকালমুৱাত নিচাজাতীয় টেবলেটসহ আটক দুই সৰবৰাহকাৰী

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা প্ৰায় 5021 টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰা হৈছে । সৰবৰাহকাৰী দুটাই টেঘেৰীয়াট্টাৰী গাঁৱৰ মাজেৰে এটা বেগত টেবলেটখিনি লৈ গৈ থকা দেখি ৰাইজৰ সন্দেহ ওপজে ৷ ততালিকে ৰাইজে বেগটো পৰীক্ষা কৰাত নিচাজাতীয় টেবলেটখিনি উদ্ধাৰ হয় ।

ধৃত যুৱক দুজনে মুকালমুৱাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবৈধ বেহা চলাই থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । সম্প্ৰতি মুকালমুৱা আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাৰ জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : মঙলদৈ চহৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.