ETV Bharat / state

পাগলাদিয়াত কিশোৰীৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ

author img

By

Published : Jun 22, 2021, 10:24 PM IST

Updated : Jun 23, 2021, 10:18 AM IST

পাগলাদিয়াত যুৱতীৰ আত্মজাহ ৷ নদীৰ পাৰত উদ্ধাৰ যুৱতীৰ চুইচাইড নোট ৷ নদীৰ বুকুত চলিছে উদ্ধাৰ অভিযান ৷ এই লৈ চৌদিশে উৎকণ্ঠা ৷ কিন্তু তাৰ পিছত..চাওক এই প্ৰতিবেদন...

পাগলাদিয়াত কিশোৰী আত্মহত্যা কৰা কাণ্ডৰ নতুন মূৰ

নলবাৰী,22 জুন: দেওবাৰে পাগলাদিয়াত যুৱতীৰ আত্মজাহক লৈ তীব্ৰ চাঞ্চল্য ৷ নদীৰ পাৰত উদ্ধাৰ হৈছে যুৱতীৰ চুইচাইড নোট আৰু চেণ্ডেল ৷ নদীৰ বুকুত চলিছে উদ্ধাৰ অভিযান ৷

ঘটনাৰ স্থান নলবাৰীৰ ডিংডিঙিৰ পাগলাদিয়া ৷ জানিব পৰা মতে, নদীত জাপ দি আত্মহত্যা কৰিলে এগৰাকী 17 বছৰীয়া যুৱতীয়ে ৷ যুৱতী গৰাকীৰ নাম শিৱানী কলিতা ৷ এই আত্মহত্যাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷

পাগলাদিয়াত কিশোৰীৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ

ঘটনাৰ দুদিন অতিক্ৰম কৰাৰ অন্তত অৱশেষত মঙলবাৰে উলাল উৰহী গছৰ ওৰ ৷ খবৰ ওলাল শিৱানী কলিতাৰ ৷ পিছে মৃত অৱস্থাত নহয়, সো-শৰীৰে উদ্ধাৰ হ’ল শিৱানী ৷

চুইচাইড নোট লিখি নদীৰ পাৰত থৈ ঘৰৰ মানুহকে ধৰি সকলোৰে চকুত ধূলি দি শিৱানী কলিতা উধাও হৈছিল দক্ষিণ শালমাৰাৰ হাজিৰহাটৰ প্ৰেমিক মক্তাৰ বাছিকৰৰ লগত ৷ পাগলাদিয়া নদীৰ পাৰত শিৱানীৰ চুইচাইড নোট আৰু চেণ্ডেল পোৱাৰ পিছত ঘৰত সৃষ্টি হৈছিল এক হাহাকাৰ পৰিৱেশৰ ৷ এছ ডি আৰ এফ বাহিনীৰ লোকেও পাগলাদিয়া নদীত শিৱানীক বিচাৰি অভিযান আৰম্ভ কৰিছিল ৷ কিন্তু এইবোৰলৈ কোনো ভ্ৰুক্ষেপ নাছিল আত্মহত্যাৰ নাটক ৰচা শিবানীৰ ৷

আত্মহত্যাৰ নাটক ৰচি প্ৰেমিকৰে সৈতে পলাই গৈ শিবানী সোমাই পৰিছিল অন্য এখন জগতত ৷ অৱশেষত এই কাৰ্যৰ বিষয়ে অৱগত হৈ এতিয়া অতিকে লজ্জিত হৈছে শিৱানীৰ আত্মীয় তথা পৰিয়ালবৰ্গ ৷ প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি পৰিয়ালৰ লোকে ত্যাগ কৰিছে শিৱানীক ৷

লগতে পঢ়ক: পাগলাদিয়া নদীত জাপ দি আত্মহত্যা 17 বছৰীয়া কিশোৰীৰ

Last Updated : Jun 23, 2021, 10:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.