নলবাৰী,20 মাৰ্চঃ ৰাজ্যৰ 12 জিলা এতিয়া আজমলৰ হাতত এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। শনিবাৰে ধৰ্মপুৰ সমষ্টিৰ পকোৱাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত এইদৰে মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । অসমক সুৰক্ষিত কৰিবই লাগিব বুলিও মন্তব্য কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
আনহাতে কংগ্ৰেছ দলৰ বুথ সমিতিৰ প্ৰাক্তন সভাপতি নৃপেন বৈশ্যৰ নেতৃত্বত আজি এই সভাতে প্ৰায় এশ গৰাকী কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে । ইপিনে ভাষণ প্ৰদান কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, অসমীয়া মুছলমানখিনিয়ে এতিয়াও কিয় কংগ্ৰেছৰ লগত আছে বুজি নাপাও । বংগমূলীয় মুছলমানৰ তুলনাত অসমীয়া মুছলমানসকল বঞ্চিত হৈ আছে । বিজেপিৰ দিনত অসমীয়া মুছলমানৰ বাবে এশ কোটি টকা দিয়া হৈছে । তাৰ পিছতো কংগ্ৰেছ কৰিলে কি কম বুলিও মন্তব্য কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
উল্লেখযোগ্য যে, বিজেপি দলত যোগদান কৰি এগৰাকী মহিলাই ক্ষোভ প্ৰকাশ কৰি চন্দ্ৰমোহন পাটোৱাৰীৰ আগত কয় দালাল সৃষ্টি নকৰিব, দালালৰ বাবেই মহিলাগৰাকীয়ে একো নাপালে বুলি আক্ষেপ প্ৰকাশ কৰে । লগতে প্ৰতিটো মাহত অন্তত এবাৰ সমষ্টিলৈ আহিবলৈ মন্ত্ৰী গৰাকীক জনায় । এইদৰেই নিজ সমষ্টিৰ মানুহে আজি চন্দ্ৰমোহন পাটোৱাৰীৰ সম্মুখতে ক্ষোভ প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ অমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ