ETV Bharat / state

হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণ কৰিবলৈ নৱপ্ৰজন্মৰ অনন্য পদক্ষেপ

author img

By

Published : Jul 4, 2021, 9:35 PM IST

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ সংঘাত ৷ ৰাজ্যৰ অইন প্ৰান্তৰ লগতে কলিয়াবৰতো হাতী মানুহৰ চৰম সংঘাতৰ ফলত ধন-জনৰ বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ এই সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে কলিয়াবৰৰ শিলঘাটৰ যুৱকৰ হাতত দলে লৈছে অনন্য পদক্ষেপ ৷ মূল্যৱান গছৰ পৰিৱৰ্তে পাহাৰত ফলমূলৰ গছ ৰোপন কৰিলে যুৱকৰ দলটোৱে ৷

youth-took-step-to-reduce-man-elephant-conflict-at-kaliabor
হাতী-মানুহৰ সংঘাট নিয়ন্ত্ৰণ কৰিবলৈ নৱপ্ৰজন্মৰ অনন্য পদক্ষেপ

কলিয়াবৰ, 4 জুলাই : বন বিভাগে পাহাৰত শাল-চেগুণৰ দৰে মূল‍্যবান কাঠৰ গছপুলি ৰোৱাতকৈ আম, কঁঠাল, ঔটেঙাৰ দৰে ফল-মূলৰ পুলি লগাবলৈ আহ্বান এদল যুৱকৰ ৷ হাতী মানুহৰ সংঘাত(man elephant conflict) ৰোধ কৰিবলৈ আগবাঢ়ি আহিছে একাংশ নৱ-প্ৰজন্ম । হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ লক্ষৰে কলিয়াবৰৰ শিলঘাটৰ বাপু দলনিত যুৱকৰ দলে ৰোপণ কৰিলে কলপুলি আৰু ফল-মূলৰ গছপুলি ৷

পাহাৰত বন বিভাগে মূল‍্যবান গছ লগোৱাৰ যি কাৰ্য‍ হাতত লৈছিল, সেই কাৰ্য‍ই ৰাজ‍্যখনক প্ৰকৃতাৰ্থত বিচৰাধৰণে সহায় কৰিব পৰা নাই । শাল, চেগুণৰ দৰে মূল‍্যবান গছবোৰ চোৰাং কাঠ বেপাৰীৰ সোণৰ কণী পৰা হাঁহলৈহে ৰূপান্তৰিত হৈছে । ফলস্বৰূপে, ৰাজ‍্যৰ প্ৰাকৃতিক ভাৰসাম‍্য ৰক্ষাত সফল হ'ব পৰা নাই ৰাজ্য চৰকাৰ । উল্লেখ্য যে, মূল‍্যবান কাঠৰ পৰা বন বিভাগে কৰা ৰাজহ সংগ্ৰহৰ পৰিমাণো নিচেই সামান‍্য যিহেতু , এনে গছত ফল-মূল নালাগে সেয়ে বন‍্য জীৱকূলৰো এই গছৰ পৰা কোনো ধৰণৰ লাভ হোৱা নাই ।

মূল্যৱান গছৰ পৰিৱৰ্তে, পাহাৰবোৰত ফলমূলৰ গছ ৰোপন কৰিলে জীৱকূলৰ খাদ‍্যৰ অভাৱ কিছু হ'লেও দূৰ হ'লহেতেন বুলিও অভিযোগ কৰে শিলঘাটৰ বন‍্য হস্তীৰ উপদ্ৰৱত জলা-কলা খোৱা ৰাইজে ৷ প্ৰায়েই লুইতপৰীয়া শিলঘাটৰ ৰবৰবাৰী অঞ্চলটো বন‍্য হাতীৰ আক্ৰমণৰ লক্ষ‍্য হৈ পৰে এই সকল ৰাইজ । গাতে লাগি থকা শিলঘাট-কামাখ‍্যা সংৰক্ষিত বনাঞ্চল(Silghat Kamakhya reserve forest)ৰ পৰা ওলাই অহা বন‍্য হাতীৰ উপদ্ৰৱৰ সহজ লক্ষ‍্য হৈ পৰে এই অঞ্চলৰ লোকসকল ।

এই উদ্দেশ্য আগত ৰাখিয়েই ৰবৰবাৰীৰ যুৱক সকলে মেচিন নাওৰ জৰিয়তে কলপুলি আৰু আন ফল-মূলৰ গছপুলি আনি ৰোপণ কৰে বাপু দলনিত । উল্লেখ্য যে, লুইতৰ খহনীয়াৰ কবলত জাহ গৈছে শিলঘাটৰ ত্ৰিশূলধাৰী মন্দিৰৰ নাতি দূৰত অৱস্থিত বাপু দলনী আৰু কমলাবাৰীৰ বহু অংশ । ৰাইজে জনোৱা মতে, পূৰ্বে শিলঘাটৰ বাপু দলনীত ধান খেতি কৰিছিল সেই ঠাইত বাস কৰা কেইবাটাও পৰিয়ালে ।

পৰৱৰ্তী সময়ত হাতীৰ উপদ্ৰৱৰ ফলত সেই পৰিয়ালকেইটা নিৰাপদ স্থানলৈ আঁতৰি যায় । ঠিক তেনেদৰে বাপু দলনীৰ কাষতে থকা কমলাবাৰী এতিয়া এৰাবাৰীলৈ ৰূপান্তৰিত হৈছে । সেইবাবেই এতিয়া যুৱকসকলে বাপু দলনীৰ অৱশিষ্ট অংশত ধান খেতি কৰাৰ পৰিকল্পনা হাতত লৈছে । ইফালে, হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে তথা হাতীৰ খাদ্য যোগান ধৰাৰ পদক্ষেপ লোৱা যুৱক সকলৰ শলাগ লৈছে কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী ৰাইজে ।

লগতে পঢ়ক : কাশ্মীৰত এইবাৰ হাইব্ৰিড সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.