নগাঁও,17 জানুৱাৰী: নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যুৱতীৰ প্ৰেমত পৰি চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁজিবলগীয়া হৈছে প্ৰেমিক। ঘটনা অনুসৰি নগাঁৱৰ হয়বৰগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক আছিল নগাঁৱৰ শিয়ালমাৰীৰ মুকিবুজ জামান ফৰাজী নামৰ যুৱকজনৰ ৷ কিন্তু শুকুৰবাৰে নিশা যুৱতীৰ ঘৰৰ সমীপত ঘূৰি ফুৰা অৱস্থাত তিনিজনীয়া যুৱকৰ দল এটাই উপৰ্যুপৰি আক্ৰমণ কৰে মুকিবুজ নামৰ যুৱকজনক ।
তিনি যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় প্ৰেমিক যুৱকজন । এই আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় চি চি কেমেৰাত । শুকুৰবাৰে নিশা সংঘটিত হোৱা ঘটনাটো শনিবাৰে নিশাহে পোহৰলৈ আহিছে ৷ তাৰ পাচতে চি চি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি যুৱকজনৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ সম্প্ৰতি সংকটজনক অৱস্থাত যুৱকজন নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
লগতে পঢ়ক: ৰহাত অগ্নিকাণ্ডত জাহ গ’ল মাদ্ৰাছা