ETV Bharat / state

নগাঁৱত যুৱতীৰ আত্মহত্যাৰ চেষ্টা

author img

By

Published : Oct 15, 2020, 6:41 PM IST

নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰত চাঞ্চল্য ৷ মন্দিৰৰ পাছফালে যুৱতীৰ আত্মহত্যাৰ চেষ্টা ৷ বিষাক্ত দ্ৰৱ্য খাই আত্মহত্যাৰ চেষ্টা যুৱতী গৰাকীৰ ৷

নগাঁৱত যুৱতীৰ আত্মহত্যাৰ চেষ্টা
নগাঁৱত যুৱতীৰ আত্মহত্যাৰ চেষ্টা

নগাঁও, 15 অক্টোবৰ: নগাঁৱত বিষাক্ত দ্ৰৱ্য খাই যুৱতীৰ আত্মহত্যাৰ চেষ্টা ৷ বুধবাৰে নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰত এগৰাকী যুৱতীয়ে বিষাক্ত দ্ৰৱ্য খাই আত্মহত্যাৰ চেষ্টা কৰে ৷ যুৱতী গৰাকী নগাঁৱৰ হাতীপাৰাৰ বুলি জানিব পৰা গৈছে ৷ মন্দিৰৰ পূজাৰীয়ে বিষাক্ত দ্ৰৱ্য সেৱন কৰি যুৱতীগৰাকী অসুস্থ পৰা প্ৰত্যক্ষ কৰাৰ পাছতে মন্দিৰটোত হুৱাদুৱা লাগে ৷

পাচত108 সেৱাৰ এখন এম্বুলেন্সৰ জড়িয়তে যুৱতী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ নগাঁও চহৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত যুৱতী গৰাকীয়ে কি কাৰণত এনেদৰে আত্মহত্যাৰ প্ৰচেষ্টা কৰিছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক: দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত লামডিঙৰ মৃন্ময় শিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.