ETV Bharat / state

Y20 Pre Event at Nowgong College : নগাঁও মহাবিদ্যালয়ত ৱাই-২০ সন্মিলনীৰ প্ৰাক্ কাৰ্যসূচী

author img

By

Published : Jan 28, 2023, 10:35 PM IST

শনিবাৰে নগাঁও মহাবিদ্যালয়(স্বায়ত্তশাসিত)ত(Nowgong College Autonomous) অনুষ্ঠিত হয় যুথ-20 সন্মিলনীৰ প্ৰাক কাৰ্যসূচী ৷ সেই অনুসৰি মহাবিদ্যালয়খনত অনুষ্ঠিত কৰা হয় তৰ্ক আৰু কুইজ প্ৰতিযোগিতা ৷

Y20 Pre Event at Nowgong College
নগাঁও মহাবিদ্যালয়ত ৱাই-২০ সন্মিলনীৰ প্ৰাক্ কাৰ্যসূচী

নগাঁও, 28 জানুৱাৰী: নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ(Nowgong College Autonomous) উদ্যোগত শনিবাৰৰ পৰা জি-২০ সন্মিলনী আৰু যুথ-২০ৰ সন্মিলনীৰ প্ৰাক্ কাৰ্যসূচী আৰম্ভ হৈছে ৷ নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ মাজত ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ(National Education Policy) জৰিয়তে যুৱ প্ৰজন্মক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ লগত মোকাবিলা কৰাত সহায়ক হ'ব পৰাকৈ তৰ্ক প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

ইয়াৰ লগতে জি-২০ দেশসমূহৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ প্ৰতিচ্ছবি আৰু জি-২০ৰ অন্তৰ্গত দেশসমূহৰ প্ৰতিচ্ছবি অংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় (Y20 event at Nowgong College Autonomous)৷ নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীয়ে(Nowgong College principal) উদ্বোধন কৰা তৰ্ক প্ৰতিযোগিতাখনত অধ্যক্ষতা কৰে আছাম ট্ৰিবিউন কাকতৰ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক হৰেশ্বৰ বৰাই আৰু বিচাৰক হিচাবে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক গুণ শইকীয়া আৰু শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড৹ প্ৰশান্ত খনিকৰ ।

প্ৰতিযোগিতাখনত নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ মুঠ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ, নেহেৰু যুৱ কেন্দ্ৰৰ সমন্বয়ককে প্ৰমুখ্য কৰি নগাঁও মহাবিদ্যালয়ৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী অধ্যাপক-অধ্যাপিকাই অংশগ্ৰহণ কৰে ৷

তদুপৰি শনিবাৰে অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাখন নগাঁও কলেজৰ জি-২০, ৱাই-২০ প্ৰাক্ কাৰ্যসূচীৰ সমন্বয়কদ্বয় ড৹ লক্ষ্যজ্যোতি বৰঠাকুৰ আৰু ড৹ ভুৱন চন্দ্ৰ চুতীয়াৰ তত্ত্বাৱধানত নগাঁও কুইজ ফৰামৰ চন্দ্ৰজিৎ দাস আৰু নয়নজ্যোতি বৰাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয়ৰ ১৬ টা দলে অংশগ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে শনিবাৰে অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে ক্ৰমে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ভৱসিন্ধু বৰঠাকুৰ, শিৱৰঞ্জন বৰঠাকুৰ আৰু ভাৰ্গৱজ্যোতি বৰাই । কুইজ প্ৰতিযোগিতাখনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নগাঁও মহাবিদ্যালয়ৰ নয়নমণি হীৰা আৰু ত্ৰিদিপ নাথৰ দল, ৰ’দালী বৰুৱা আৰু প্ৰয়াস শৰ্মাৰ দল আৰু কাকলী দাস আৰু গীতাষ্ময়ী শৰ্মাৰ দলে ।

আনহাতে জি-২০ আৰু ৱাই-২০ সন্মিলনীৰ লগত সংগতি ৰাখি অহা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া “জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰশমনঃ বহনক্ষমতাক জীৱন ধাৰণৰ এক উপায় হিচাবে গঢ়ি তোলা” শীৰ্ষক আলোচনাচক্ৰত ‘অৰণ্য মানৱ’ খ্যাত পদ্মশ্ৰী যাদৱ পায়েং(Environmental activist Jadav Payeng) মুখ্যবক্তা আৰু অতিথি হিচাবে উপস্থিত থাকিব বুলি অধ্যক্ষ ড৹ বৰকটকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Hindu Muslim Brotherhood: মুছলমান পৰিয়ালত ডাঙৰ হোৱা পল্লৱী ওৰফে হাফিজা এতিয়া শিক্ষয়ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.