ETV Bharat / state

আজি বিশ্ব ঘৰচিৰিকা দিৱস - সজাগতা সৃষ্টি

আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে ঘৰচিৰিকা দিৱস । ক্ৰমান্বয়ে বিলুপ্তি হ'বলৈ ধৰিছে ঘৰচিৰিকা চৰাই । সেয়ে এই সৰু চৰাইবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে প্ৰতি বছৰে ২০ মাৰ্চত পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস ।

আজি বিশ্ব ঘৰচিৰিকা দিৱস
আজি বিশ্ব ঘৰচিৰিকা দিৱস
author img

By

Published : Mar 20, 2021, 6:50 PM IST

কলিয়াবৰ,২০ মাৰ্চ: আকাৰত সৰু হ'লেও ঘৰচিৰিকা চৰায়ে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে । বহু গীতিকাৰ-কবিয়ে গীত, কবিতা ৰচনা কৰিছে ঘৰচিৰিকাক লৈ । কবি নৱকান্ত বৰুৱায়েও ঘৰচিৰিকা চৰাইৰ বিষয়ে বৰ্ণনা কৰি লিখিছিল 'মুখত দুডাল দুবৰিবন দুডাল খৰিকা, মোৰ চোতালত ওমলহি অ' ঘনচিৰিকা' শীৰ্ষক গীতটি । গাঁও-চহৰ সকলোতে ল’ৰালিৰ স্মৃতিৰ সৈতে ঘৰচিৰিকাৰ নানান কাহিনী সকলোৰে জীৱনত থাকে ।

কিন্তু বৰ্ধিত প্ৰদূষণ আৰু গছ-গছনিৰ অভাৱে ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । আজি বিশ্ব ঘৰচিৰিকা দিৱস । প্ৰতি বছৰে ঘৰচিৰিকাৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয় । জাক পাতি থাকি ভালপোৱা সৰু চৰাইবিধ এতিয়া সঘনাই দেখিবলৈও পোৱা নাযায় । খোৱাৰ সময়ত আৰু বাঁহত সাধাৰণতে মাইকী ঘৰচিৰিকাৰ আধিপত্য বেছি থাকে ।

আজি বিশ্ব ঘৰচিৰিকা দিৱস
আজি বিশ্ব ঘৰচিৰিকা দিৱস

ঘৰচিৰিকাৰ সংৰক্ষণৰ ক্ষেত্ৰত বৰ্তমান বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰকৃতিপ্ৰেমী সংস্থা তথা বিভিন্ন লোকে । তথাপিও পৰ্যাপ্ত সজাগতাৰ অভাৱতে বৰ্তমান এই চৰাইটো বিলুপ্তিৰ পথলৈ গতি কৰিছে । ঘৰচিৰিকাৰ বহুল বিস্তৃতি তথা সংখ্যাৰ বাবে ইয়াক আই ইউ চি এন ৰেড তালিকাত বিশেষ পক্ষী হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে ।

শেহতীয়া তথ্য অনুসৰি, ঘনচিৰিকাৰ সংখ্যা বিশ্বৰ বিভিন্ন অঞ্চলত দ্ৰুত গতিত হ্ৰাস পাইছে । সেয়ে ঘৰচিৰিকা চৰাই থকাৰ উপযোগী প্ৰাকৃতিক পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ প্ৰতি বছৰে ২০ মাৰ্চ তাৰিখে বিশ্ব ঘৰচিৰিকা দিৱস উদযাপন কৰা হয় ।

লগতে পঢ়ক: পিতৃৰ হকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সংঘমিত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.