ETV Bharat / state

World Nature Conservation Day: বিশ্বজুৰি পালন বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস

author img

By

Published : Jul 28, 2022, 3:47 PM IST

সমগ্ৰ বিশ্বতে জুলাইৰ ২৮ তাৰিখে উদযাপন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস (World Nature Conservation Day celebrated on 28 July) ৷ পৃথিৱীৰ প্ৰাকৃতিক সম্পদ ৰক্ষাৰ সৰ্বোত্তম অনুশীলন সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্বজুৰি ২৮ জুলাইৰ দিনটোত পালন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ।

World Nature Conservation Day celebrated on 28 July
বিশ্বজুৰি পালন কৰা হ’ল বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস

কলিয়াবৰ, ২৮ জুলাই: সমগ্ৰ বিশ্বতে ২৮ জুলাইৰ দিনটো উদযাপন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস (World Nature Conservation Day celebrated on 28 July) ৷ প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা সমাজৰ প্ৰতিজন লোকৰ মাজত জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে উদযাপন কৰা হয় এই দিৱস ৷ প্ৰকৃতি সংৰক্ষণে জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ লগতে মানৱ জীৱনৰ প্ৰগতি আৰু বিকাশত সহায় কৰে ৷ তাৰ মাজতে আমি নিজ স্বাৰ্থ পূৰণ বাবে কৰা কিছুমান কাৰ্যকলাপৰ ফলত প্ৰকৃতিৰ ভাৰসাম্যতাৰ (Balance of Nature) ওপৰত এক নেতিবাচক প্ৰভাৱ পৰে সেই কথা আমি পাহৰি যাওঁ ।

ফলত এই সেউজী আইৰ দিনক দিনে যথেষ্ট ক্ষতিসাধন হৈছে ৷ সমগ্ৰ মানৱ জাতিৰ বহনক্ষম ভৱিষ্যতৰ ওপৰত সম্প্ৰতি বহু প্ৰশ্ন উত্থাপন হৈছে । সুদূৰ ভৱিষ্যতে প্ৰকৃতিৰ ওপৰত চলোৱা এনে অত্যাচাৰৰ ফলত মানৱ সমাজে এটুপাল পানী, বিশুদ্ধ বায়ুৰ বাবে হাহাঁকাৰ কৰিব লাগিব ৷ কিয়নো বিশ্ব বন্যপ্ৰাণী ফাউণ্ডেছনে (World Wildlife Fund) প্ৰদান কৰা তথ্য অনুসৰি, 1970 চনৰ পৰা মানৱ সমাজে পৃথিৱীৰ ওপৰত দিয়া হেঁচাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত প্ৰাকৃতিক সম্পদৰ পৰিমাণ হ্ৰাস পাই 33% ত ৰৈছেগৈ ৷

ইয়াৰোপৰি, সমগ্ৰ বিশ্বতে 2.5 শতাংশহে বিশুদ্ধ পানী থকাৰ লগতে 70% বিশুদ্ধ পানী বৰফ আৰু হিমৰ আকাৰত আছে ৷ সেয়ে এই পৃথিৱীৰ প্ৰাকৃতিক সম্পদ ৰক্ষাৰ সৰ্বোত্তম অনুশীলন সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্বজুৰি ২৮ জুলাইৰ দিনটোত পালন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস । এই দিৱস উদযাপন কৰি প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰতিজন মানুহ দায়বদ্ধ হৈ সংকল্পবদ্ধ হ'ব লাগে যাতে আমাৰ সেউজীয়া ধৰণীক চিৰকাল সেউজীয়া কৰি ৰাখিব পাৰোঁ ।

লগতে পঢ়ক: Thief killed in an accident: বেগ আজুৰি পলায়ন কৰি দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে ইৰাণী চোৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.