ETV Bharat / state

ৰহা মীন মহাবিদ্যালয়ত বিশ্ব মীন দিৱসৰ সামৰণি

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 4:47 PM IST

ৰহা মীন মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে মৎস্য সম্পদ জাগ্ৰত অভিযান আৰু বিশ্ব মীন দিৱস অনুষ্ঠিত ৷

Etv BharatWorld fisheries day celebration concludes
Etv Bharatৰহা মীন মহাবিদ্যালয়ত বিশ্ব মীন দিৱসৰ সামৰণি
ৰহা মীন মহাবিদ্যালয়ত বিশ্ব মীন দিৱসৰ সামৰণি

ৰহা, 22 নৱেম্বৰ : বুধবাৰে ৰহা মীন মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মৎস্য সম্পদ জাগ্ৰত অভিযান আৰু বিশ্ব মীন দিৱসৰ সফলভাৱে সামৰণি পৰে ৷ আজি অন্তিম দিনা দুপৰীয়া অনুষ্ঠিত হোৱা বিশ্ব মীন দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা ৷

তেওঁ নিজৰ ভাষণত কয় যে, মাছৰ উৎপাদনৰ ক্ষেত্ৰত অসমখন প্ৰায় স্বাৱলম্বী হোৱাৰ দিশে আগবাঢ়িছে ৷ অহা এবছৰমানৰ ভিতৰতে মীন উৎপাদনত অসম সম্পূৰ্ণৰূপে স্বাৱলম্বী হৈ পৰিব। মাছৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় উপাদান এতিয়াও ৰাজ্যত বাহিৰৰ পৰা আনিবলগীয়া হোৱাত আক্ষেপ কৰে উপাচাৰ্যগৰাকীয়ে ৷ মাছ অধিক উৎপাদন কৰি লাভবান হ’বলৈ হ’লে থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি মাছৰ বাবে অধিক প্ৰটিন যুক্ত খাদ্য তথা দানা প্ৰস্তুত কৰাত গুৰুত্ব দিব লাগিব বুলি সদৰী কৰে উপাচাৰ্যগৰাকীয়ে ৷

উপাচাৰ্যগৰাকীয়ে লগতে কয় যে, বৰ্তমান যান্ত্ৰিক যুগৰ ব্যস্ততাৰ অজুহাত, পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন আদিৰ বাবে থলুৱা মাছৰ উৎপাদন হ্ৰাস পাই অহাৰ বাবে লোকসকল নিজেই দায়ী ৷ গাভিনী মাছ মৰা বন্ধ কৰক, বিল, খালত বিহ দিয়া কাৰ্য প্ৰতিহত কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বিজ্ঞান সন্মতভাৱে মীন উৎপাদনত গুৰুত্ব দিয়ক ৷ অনাগত দিনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহলৈকো মাছ ৰপ্তানি কৰিব পাৰো তাৰ বাবে মীনপালকসকলক সহযাত্ৰী হিচাপে কাম কৰিবলৈ উপাচাৰ্য ডেকাই আহ্বান জনায়।

বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা সভাখনত আদৰণি ভাষণ দি ৰহা মীন মহাবিদ্যালয়ৰ ডীন ড৹ আয়ুব আলীয়ে বিশ্ব মীন দিৱস পালনৰ তাৎপৰ্য বৰ্ণনা কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মীন ক্ষেত্ৰৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান 'কলং কপিলী'ৰ সঞ্চালক জ্যোতিষ তালুকদাৰ ৷ মাছ অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ বুলি মন্তব্য কৰি প্ৰচুৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰখনত একাগ্ৰতা আৰু সাহসেৰে নিয়োজিত হৈ নিজৰ লগতে ৰাজ্যখনকো আৰ্থিকভাৱে সবল কৰি তোলাত আগভাগ লবলৈ উপস্থিত মীনপালকসকলক আহ্বান জনায় তালুকদাৰে ৷

এই অনুষ্ঠানত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ কৃষি শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদ ৷ এই অনুষ্ঠানত বিশ্ব মীন দিৱস উপলক্ষে ৰাজ্যখনৰ 8 গৰাকী আদৰ্শ মীনপালক ক্ৰমে নগাঁৱৰ হৰেণ চন্দ্ৰ বৰা, জাগীৰোডৰ লুণা শইকীয়া, গহপুৰৰ অনুপ শৰ্মা, বিশ্বনাথ চাৰিআলিৰ ভাৰ্গৱ ভাগৱতী, বৰপেটাৰ হেমন্ত ডেকা, দৰঙৰ স্বেখ আবুল্লাহ, গোলাঘাটৰ ললিত ডেকা আৰু জামুগুৰি, নগাৱঁৰ প্ৰণৱ কুমাৰ ডেকাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

ইপিনে বিশ্ব মীন দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্য়ালয়ৰ এখন স্মৃতিগ্ৰন্থৰ উপৰিও এখন পুস্তিকা আৰু এখন হাতপুথিও উন্মোচন কৰে। এই অনুষ্ঠআনত মডেল, প’ষ্টাৰ আৰু মৎস্য ব্যঞ্জন প্ৰতিযোগিতাৰ বিজয়ীসকলকো পুৰস্কাৰ প্ৰদান কৰা হয়। কাকলি কাশ্যপে আত ধৰা সমগ্ৰ অনুষ্ঠানটোৰ সামৰণিত শলাগৰ শৰাই আগবঢ়ায় আয়োজক সমিতিৰ সম্পাদক ড৹ ৰাজদ্বীপ দত্তই।

ৰাজ্যখনত মীন ক্ষেত্ৰৰ উন্নয়ন, মীন ক্ষেত্ৰৰ বিভিন্ন সমস্যাৰাজিৰ সমাধান আৰু মীন পালকসকলক উৎসাহ যোগোৱাৰ লক্ষৰে আয়োজিত দুদিনীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি মঙলবাৰে 'আখলৰ জুতি' শীৰ্ষক এখন মৎস্য ব্যঞ্জন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাখনত 2023 চনৰ মাষ্টাৰ চেফ নয়নজ্যোতি শইকীয়া মুখ্য বিচাৰক হিচাপে উপস্থিত থাকে।

লগতে পঢ়ক: বহলাব হেনো পথ ! অমৃত বৃক্ষ ৰোপণৰ হাতেৰেই এফালৰ পৰা কাটি গৈছে মূল্যবান গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.