ETV Bharat / state

World Environment Day: নগাঁৱত বিশ্ব পৰিৱেশ দিৱস পালন

author img

By

Published : Jun 6, 2023, 6:15 AM IST

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনে নগাঁও পৌৰসভাৰ সহযোগত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (World Environment Day observed in Nagaon) । এইবছৰৰ "প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰা" প্ৰচাৰ অভিযানৰ অন্তৰ্গত "প্লাষ্টিক প্ৰদূষণৰ সমাধান" শীৰ্ষক বিষয়বস্তুৰ অধীনত বিপুল পৰিমাণে গছপুলি ৰোপণ কৰে নগাঁৱত ।

World Environment Day observed in Nagaon
নগাঁৱত বিশ্ব পৰিৱেশ দিৱস পালন

নগাঁও,৫ জুন: ২০২৩ চনৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনে নগাঁও পৌৰসভাৰ সহযোগত এইবছৰৰ "প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰা" প্ৰচাৰ অভিযানৰ অন্তৰ্গত "প্লাষ্টিক প্ৰদূষণৰ সমাধান" শীৰ্ষক বিষয়বস্তুৰ অধীনত গছপুলি ৰোপণ অভিযানৰ আয়োজন কৰি এই দিৱস উদযাপন কৰে (World Environment Day) ।

য'ত নগাঁৱৰ জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে নগাঁৱৰ মাৰাৰ উদ্যানত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি এটি গছপুলি ৰোপণ কৰে । উপাযুক্তগৰাকীয়ে সামগ্ৰিকভাৱে এখন সেউজীয়া পৃথিৱীৰ বাবে আমাৰ দৈনন্দিন জীৱনত পৰিৱেশৰ অনুকূল আচৰণগত পৰিৱৰ্তন আনিবলৈ আহ্বান জনায় (World Environment Day observed in Nagaon) ।

লগতে নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰৰ নেতৃত্বত উপস্থিত সকলোৱে “মিছন লাইফৰ” প্ৰতিশ্ৰুতিও গ্ৰহণ কৰে । এই উপলক্ষে অতিৰিক্ত উপায়ুক্ত দেবহুতি বৰা, অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী, নগাঁও পৌৰসভাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া শিল্পী আৰ. পণ্ডিত, নগাঁও পৌৰসভাৰ উপাধ্যক্ষ সীমান্ত বৰাৰ লগতে জিলা নিৰ্বাচনী বিষয় আৰু জিলা প্ৰশাসন আৰু নগাঁও পৌৰসভাৰ বিষয়া আৰু সদস্যসকল উপস্থিত থাকে (World Environment Day by nagaon administration) ।

অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত "গান্ধাৰ" নামৰ এক সামাজিক সাংস্কৃতিক দলৰ দ্বাৰা নগাঁও-মৰিগাঁও বাছ আস্থানত পৰিবেশন কৰা "প্লাষ্টিক এৰোঁ পৃথিৱী গঢ়োঁ" শীৰ্ষক এক বাটৰ নাট প্ৰদৰ্শনীত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ উপস্থিত থাকে ।

উল্লেখযোগ্য যে নগাঁও জিলাৰ অন্তৰ্গত ৰহা পৌৰসভা এলেকা আৰু কামপুৰ পৌৰসভা এলেকাতো দলটোৱে অনুষ্ঠান পৰিৱেশন কৰে । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভপাণি ফুকনে অনুষ্ঠান পৰিৱেশন কৰা দলটোক সংগ দিয়ে ।

ইপিনে, জিলা প্ৰশাসনৰ অধীনত বিভিন্ন বিভাগ, চক্ৰ কাৰ্যালয় আৰু ব্লক স্তৰত আৰু জিলাখনৰ চাৰিওখন পৌৰসভাত গছপুলি ৰোপণ অভিযান আৰু অনুষ্ঠানৰ আয়োজন কৰা হয় । বিশ্ব পৰিবেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ অভিযান আৰু সজাগতা শোভাযাত্ৰা আয়োজন কৰা হয় ।

লগতে পঢ়ক: Crude oil smuggling : খাৰুৱা তেল চুৰি; সাংবাদিকসহ চাৰিজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.