কলিয়াবৰ, 2 মেঃ কলিয়াবৰ মহাবিদ্যালয়ত পৰ্যটন অধ্যয়ন বিভাগৰ ব্যৱস্থাপনাত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় "পৰ্যটন খণ্ডত নিয়োগৰ সুবিধা" শীৰ্ষক নামৰ এক কৰ্মশালা। কৰ্মশালাত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে গুৱাহাটীৰ চি. এন. ট্ৰেভেল্চৰ মুৰব্বী তথা চি. এন. পৰ্যটন কেন্দ্ৰৰ সঞ্চালক চন্দন নাথে। বিগত বৰ্ষবোৰত বিশ্বৰ পৰ্যটন ক্ষেত্ৰত ভাৰতবৰ্ষ দ্ৰুত গতিত আগবাঢ়ি গৈছে বুলি উল্লেখ কৰে।
![etv bharat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-3may-870-ston-workshop-on-tourism-rupjyoti-goswami_02052019195456_0205f_1556807096_636.jpg)
২০১৩ চনৰ ৬৫ সংখ্যক স্থানৰ পৰা ভাৰতৰ স্থান ষষ্ঠ স্থানলৈ উন্নিত হৈছে। এই ধাৰা অব্যাহত থাকিলে আগন্তুক ২০২০ চনলৈ এই স্থান তৃতীয়লৈ উন্নীত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। যিটোৱে বিশ্বৰ পৰ্যটনত নিয়োগৰ এক বৃহৎ সুবিধা সৃষ্টি কৰিব। যিটোৱে অনাগত সময়ছোৱাত অসম তথা ভাৰতত নিবনুৱা সমস্যাৰ সমাধানতো সহায়ক হ'ব ৷ এই খণ্ডৰ লগত জড়িত বিভিন্ন বৃত্তি আৰু সম্ভাৱনীয়তা সম্পৰ্কে চন্দন নাথে বিশদভাবে আলোচনা কৰে কৰ্মশালাত । কৰ্মশালাখন উদ্বোধন কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষই। যোৱা ২০০৮ বৰ্ষৰ পৰাই কলিয়াবৰ মহাবিদ্যালয়ত অন্তৰ্ভূক্ত কৰা হৈছে পৰ্যটন শিক্ষা।