কলিয়াবৰ, 31 জুলাই : অসম পূৰ্বৰে পৰা হস্তশিল্পত চহকী । এই শিল্পসমূহৰ ভিতৰত কাঠশিল্প অন্যতম । কাঠশিল্পই বিশেষ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰে আহোম ৰাজত্ব কালত । তেতিয়াৰে পৰা কাঠেৰে নিৰ্মিত ভিন্ন আচবাব-সঁজুলি তথা সামগ্ৰীৰ জনপ্ৰিয়তা এতিয়াও অটুট আছে ।
সময়ৰ লগত সত্ৰসমূহত কাঠশিল্পৰ বিস্তাৰ ঘটি এই শিল্প এক ধৰ্মীয় শৈলীলৈ ৰূপান্তৰ হয় । এসময়ত আহোম ৰাজকাৰেঙৰ লগতে ৬০০ বছৰীয়া সত্ৰ তথা বৈষ্ণৱ ধৰ্মীয় মঠসমূহত কাঠত খোদিত জটিল সজ্জাগত উপকৰণবোৰ ব্যৱহাৰ কৰা হৈছিল । অসমৰ প্ৰতিটো নামঘৰত প্ৰতিষ্ঠিত সিংহাসন অসমৰ সত্ৰীয়া শৈলীৰ কাঠশিল্পৰ ঐতিহ্য আজিও নিৰহ-নিপানিৰ উদাহৰণ ।
কলিয়াবৰতো সত্ৰীয়া শৈলীৰ কাঠৰ ভাষ্কৰ্যসমূহে অতীতৰে পৰা এক জনপ্ৰিয়তা অৰ্জন কৰিছে । কলিয়াবৰৰ সত্ৰসমূহত এতিয়াও ভালেমান এনে ঐতিহাসিক সমল বিদ্যমান । তদুপৰি, কলিয়াবৰৰ নামঘৰসমূহতো সত্ৰীয়া শৈলীৰ মূৰ্তিয়ে শোভাবৰ্ধন কৰি আহিছে । য'ত থলুৱা কাঠ শিল্পকাৰসকলে এই ক্ষেত্ৰত আগভাগ লৈ আহিছে ।
সত্ৰৰ কৰপাট, ঘৰ-দুৱাৰ আৰু গাঁৱৰ নামঘৰত গাঁৱলীয়া ৰাইজক কাৰু-শিল্পৰ চৰ্চাত সুযোগ আৰু প্ৰেৰণা যোগাইছে । সেই প্ৰেৰণাৰ প্ৰেৰিত এগৰাকী খনিকৰ হ'ল প্ৰদীপ হাজৰিকা ৷
কলিয়াবৰৰ সোণাৰী গাঁৱৰ বাসিন্দা প্ৰদীপ হাজৰিকাই ১৯৮৩ চনৰ পৰাই কাঠত ভিন্ন দেৱতাৰ অবিকল ৰূপ দিয়া কাৰ্যত ব্ৰতী হৈ আহিছে । এই কাঠশিল্পীগৰাকীৰ একমাত্ৰ জীৱিকাৰ পথ এতিয়া কাঠত প্ৰতিমূৰ্তি নিৰ্মাণ কৰা । অসমৰ ঐতিহ্যমণ্ডিত কাঠশিল্পক নতুনত্ব প্ৰদানত আগ্ৰহী শিল্পকাৰ প্ৰদীপ হাজৰিকা ৷
গাঁৱলীয়া জীৱনৰ সুকুমাৰ-কলা প্ৰীতিৰ পৰিচয় ফুটি ওলায় শিল্পীগৰাকীৰ হস্ত-শিল্প আৰু লোক-শিল্পত । কেৱল দৈনন্দিন প্ৰয়োজনৰ সা-সঁজুলিতে নহয়, ধৰ্মমূলক ক্ৰিয়া অনুষ্ঠানৰ লগতো লোক-শিল্পীগৰাকীৰ সম্বন্ধ মন কৰিবলগীয়া । শিল্পীগৰাকী এতিয়া ব্যস্ত হৈ পৰিছে এডাল কাঠতে নিৰ্মাণ কৰি থকা হনুমানৰ প্ৰতিমূৰ্তিত অবিকল ৰূপ দিয়াত ।
মূৰ্তিটো সোণাৰী গাঁৱৰে এটা নামঘৰৰ বাবে নিৰ্মাণ কৰিছে শিল্পীগৰাকীয়ে । মূলত নামঘৰৰ সৌন্দৰ্যবৰ্ধন আৰু প্ৰয়োজনীয় কাঠৰ সামগ্ৰী নিৰ্মাণ কৰি জীৱন-নিৰ্বাহ কৰা হাজৰিকাই অৱশ্যে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য । তথাপিও নিজ শিল্পকৰ্মৰ প্ৰতি নিষ্ঠাবান হাজৰিকাই সদায় শিল্পটোক নতুনত্ব প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে ।
সত্ৰীয়া কীৰ্তন ঘৰৰ ডাঙৰ ডাঙৰ ঘূৰণীয়া খুঁটাত, চ’টিত, দুৱাৰত বিবিধ মূৰ্তি কটা হয় । সিংহাসন, থাপনা, ঠগা আৰু গছাতো জীৱ-জন্তু, ফুল-লতা বিশেষকৈ পদুম ফুল কাটি হেঙুল-হাইতালৰ সংমিশ্ৰণত চকুৰোৱাকৈ গঢ়া হয় । ইয়াৰ বাহিৰেও সিংহ, গৰুড়, হনুমান, জয়-বিজয় আৰু প্ৰহ্লাদৰ কাঠৰ মূৰ্তিৰে নামঘৰ সজায় ।
কীৰ্তিমুখ, মগৰ আৰু সিংহই পিছপিনৰ পৰা হাতীক আক্ৰমণ কৰা মূৰ্তি অসমৰ শিল্পত সৰবৰহী হৈ পৰিছে । এনে মূৰ্তি সাধাৰণ মানুহৰ ঘৰ-দুৱাৰৰ বাহিৰেও তাঁত আৰু ঢেঁকীশালৰ সা-সঁজুলিটো কটা হয় । মন্দিৰত আৰু নামঘৰৰ বেৰত সজাবলৈকো কাঠত মূৰ্তি কটা হয় । কোনো অঞ্চলত বছৰেকীয়া পূজাৰ দেৱ-দেৱীৰ মূৰ্তি কাঠত কটা হয় । পুৰণি মূৰ্তিৰ ওপৰতে বছৰে বছৰে নকৈ ৰহণ বোলাই পূজা কৰে ।
লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ