ETV Bharat / state

Micro Finance loan : চৰকাৰক বিৰোধ অসংখ্য মহিলাৰ - Micro Finance

বঢ়মপুৰত মাইক্ৰ’ ফাইনেন্স(Micro Finance loan)ৰ লোণ সম্পৰ্কে মহিলাৰ প্ৰতিবাদ । নিৰ্বাচনৰ পূৰ্বে একেজন নেতাই বিত্তীয় ঋণ ৰেহায়ৰ সন্দৰ্ভত ৰাজ্যৰ মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচন পিচত চৰ্ত সাপেক্ষেহে প্ৰদান কৰা হ'ব বুলি কৰা মন্তব্যত প্ৰতিবাদমুখৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাসকল ।

womens protests over loan of microfinance
নিৰ্বাচনৰ পিচতেই প্ৰতিশ্ৰুতি পাহৰিলে নেকি মুখ্যমন্ত্ৰীয়ে ?
author img

By

Published : Jun 17, 2021, 6:30 PM IST

চামগুৰি ,17 জুন : অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিভিন্নজন জনপ্ৰতিনিধিয়ে বিভিন্ন প্ৰতিশ্ৰুতিৰে ৰাইজক নিজৰ ভোটাধিকাৰ সাব্য়স্ত কৰিবলৈ আহ্বান জনায় ৷ বিভিন্ন দল-সংগঠনে নিজ নিজ নিৰ্বাচনী ইস্তাহাৰেৰে ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰিছিল জনপ্ৰতিনিধি সকলে ৷ বৰ্তমানৰ ৰাজ্যখনৰ মুখ্য়মন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰতি দিছিল সাধাৰণ ৰাইজক ৷ সেই প্ৰতিশ্ৰতিৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি হৈছে মাইক্ৰ ফাইনেন্সৰ লোণ (Micro Finance loan) মাফ কৰা ৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহিলাসকলে ।

womens-protests-over-loan-of-microfinance-in-barhampur
নিৰ্বাচনৰ পিচতেই প্ৰতিশ্ৰুতি পাহৰিলে নেকি মুখ্যমন্ত্ৰীয়ে ?

বিগত কিছুদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত মাইক্ৰ ফাইনেন্সৰ লোণ Micro Finance loan) মাফ কৰাৰ বিষয় লৈ মহিলা সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ একেদৰে বৃহস্পতিবাৰে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্ল’গানেৰে বঢ়মপুৰত মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

“আই মাতৃ সকলক মই কথা দিছো, যদি এই কথা মই ৰক্ষা কৰিব নোৱাৰো তেন্তে মোৰ নিজৰ আইক প্ৰতাৰণা কৰা হ’ব”। নিৰ্বাচনৰ পূৰ্বে এনেদৰে কথা দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু একেজন নেতাই বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত ৰাজ্যৰ মহিলা সকলক দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত চৰ্ত সাপেক্ষেহে প্ৰদান কৰা হ'ব বুলি মন্তব্য় কৰাত এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহিলা সকল ।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ পোটনি হালোৱা গাঁৱৰ মহিলা সকলে মূলপথলৈ ওলাই আহি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । তেওঁলোকৰ দাবী সকলো চৰ্ত পৰিহাৰ কৰি মহিলা সকলক পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ দৰে ঋণ সমূহ মাফ কৰক । অন্যথা অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰে পোটনি হালোৱা গাঁৱৰ মহিলা সকলে ।

লগতে পঢ়ক : ঋণ ৰেহাইৰ দাবীত বাক্সাত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.