নগাঁও, 20 আগষ্ট: উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ ইয়াৰ মাজতে নগাঁৱত মন্ত্ৰী অতুল বৰাৰ অনুষ্ঠানত সংঘটিত হ'ল এক অঘটন। মন্ত্ৰীলৈ অপেক্ষা কৰি অনুদান বিতৰণৰ অনুষ্ঠানতে ঢলি পৰিল এগৰাকী হিতাধিকাৰী (Woman unconscious in Nagaon waiting for flood relief)। নগাঁও জিলা প্ৰশাসনে জিলা পুথিভঁৰালত আয়োজন কৰা অনুদান বিতৰণৰ অনুষ্ঠানত সংঘটিত হ’ল এই অঘটন ।
উৎকট গৰমৰ বাবে কামপুৰ কচু্ৱাৰ আফিয়া খাতুন নামৰ মহিলা গৰাকী অচেতনহৈ হৈ ঢলি পৰে মজিয়াত ৷ বানত ক্ষতিগ্ৰস্ত ৰাইজক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে নগাঁও জিলা প্ৰশাসনে চাৰে এঘাৰ বজাত আয়োজন কৰা সভা খনলৈ হিতাধিকাৰীসকল উপস্থিত হৈছিল প্ৰায় ১০/১১ বজাতে । কিন্তু মন্ত্ৰী অতুল বৰা আহি নোপোৱাৰ বাবে ১১-৩০ বজাৰ সভা আৰম্ভ হৈছিল প্ৰায় দুই বজাত ৷
যাৰবাবে পু্ৱা কচুৱাৰ পৰা বাটকুৰি বাই অহা মহিলা গৰাকী উৎকট গৰমত লঘোনে ভোকে থাকি মুৰ্ছা যায় সভা স্থলীতে ৷ মহিলা গৰাকী অচেতন হৈ সভাগৃহতে ঢলি পৰাত হুৱাদুৱা লাগে উপস্থিত ৰাইজৰ মাজত ৷ পিছত বহু পলমকৈ জিলা প্ৰশাসনৰ কেইজন মান লোকে মহিলাগৰাকীক এখন বাহনেৰে প্ৰেৰণ কৰে চিকিৎসালয়লৈ।
উৎকট গৰমত সাহাৰ্য প্ৰদানৰ নামত ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰাই হিতাধিকাৰীসকলক নগাঁও প্ৰশাসনে হাৰাশাস্তি কৰোৱাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক: হোজাইৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ