ETV Bharat / state

স্বামীৰ সন্মুখতে ক'ভিডৰ আতংকই প্ৰাণ কাঢ়িলে পত্নীৰ

author img

By

Published : May 26, 2021, 9:58 PM IST

Updated : May 28, 2021, 3:55 PM IST

ক'ভিডৰ ফলাফল লাভ কৰাৰ পাচতে ৰহাৰ চিকিৎসালয়ত মৃত্যুক সাৱতি ল'লে এগৰাকী মহিলাই ৷ পৰিয়ালৰ সদস্যৰ সৈতে ৰহাৰ চিকিৎসালয়ত ক'ভিড পৰীক্ষাৰ বাবে আহিছিল মহিলাগৰাকী ৷

স্বামীৰ সন্মুখতে ক'ভিডৰ আতংকই প্ৰাণ কাঢ়িলে পত্নীৰ
স্বামীৰ সন্মুখতে ক'ভিডৰ আতংকই প্ৰাণ কাঢ়িলে পত্নীৰ

ৰহা, 26 মে': ক'ভিড-19ৰ বিপৰীতে ক'ভিডে সৃষ্টি কৰা আতংকইহে এতিয়া ভয়াৱহ বিপদ মাতিছে বহুতৰ জীৱনলৈ ৷ এই আতংকৰৰ পৰিণতিতে নগাঁও জিলাৰ ৰহাত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় ৷ স্বামীৰ সন্মুখতে ক'ভিড সৃষ্ট আতংকই প্ৰাণ কাঢ়িলে এগৰাকী মহিলাৰ ৷

জানিব পৰা মতে, পৰিয়ালৰ সদস্যৰ সৈতে ৰহাৰ চিকিৎসালয়ত ক'ভিড পৰীক্ষাৰ বাবে আহিছিল মহিলা গৰাকী ৷ ক'ভিড পৰীক্ষাও সম্পন্ন হ'ল মহিলাগৰাকীৰ ৷ কিছু সময়ৰ পাচতে মহিলা গৰাকীৰ ক'ভিড পৰীক্ষাৰ ফলাফল আহিল ৷

ফলাফল ক'ভিড পজিটিভ আৰু এই ফলাফল লাভ কৰাৰ পাচতে বহি থকা স্থানতে মৃত্যুক আকোৱালি লয় মহিলা গৰাকীয়ে ৷ মৃত মহিলাগৰাকীৰ নাম ৰহাৰ গড়মাৰীৰ নিবাসী শিখামনি বৰা ৷ তেওঁৰ বয়স প্ৰায় 40 বছৰ ৷

উল্লেখ্য যে, শিখামনি বৰা নামৰ মহিলাগৰাকীৰ স্বামীৰ অভিযোগ অনুসৰি পত্নীক অন্য চিকিৎসালয়লৈ নিবৰ বাবে বহুবাৰ 108 এম্বুলেঞ্চৰ লগত যোগাযোগ স্থাপন কৰিছিল ৷ কিন্তু এম্বুলেঞ্চ আহি নাপালে ৷ ফলত চিকিৎসালয়ৰ চৌহদতে পেলাই থ’বলগীয়া হ'ল মহিলা গৰাকীক ৷ এনে পৰিস্থিতিতে মহিলা গৰাকীয়ে মৃত্যুক সাৱতি ল'লে বুলি অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীৰ স্বামীয়ে ৷

মন কৰিবলগীয়া যে, ৰহাৰ এই ঘটনাৰ দৰেই বহু লোকৰ জীৱনলৈ কাল অমানিশা নমাই আনিছে ক'ভিডৰ আতংকই ৷ প্ৰশাসনৰ ফালৰ পৰা ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ ক'ভিড প্ৰট'কল জাৰি কৰাৰ লগতে আতংকিত নহ'বলৈ বাৰম্বাৰ কোৱা হৈছে যদিও প্ৰকৃতাৰ্থত সজাগতাৰ অভাৱৰ বাবেই ক'ভিডক লৈ সাধাৰণ লোক সকল আতংকিত হৈ পৰিছে বুলি মত প্ৰকাশ কৰিছে সচেতন লোক সকলে ৷

লগতে পঢ়ক:24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

Last Updated : May 28, 2021, 3:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.