ETV Bharat / state

জুৰীয়াত ৰাইজৰ আক্ৰমণত প্ৰাণ গ‘ল বন গাহৰিৰ

author img

By

Published : Dec 10, 2020, 10:50 PM IST

তিনিদিন ধৰি এটা বনৰীয়া গাহৰিয়ে মেলেকাধিঙত খেতি পথাৰ অনিষ্ট কৰাৰ অভিযোগ তুলি একাংশ লোকে বন বিভাগক খবৰ দিছিল যদিও বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ।

wild-pig-kill-by-public
জুৰীয়াত উত্তেজিত ৰাইজৰ আক্ৰমণত প্ৰাণ গ‘ল বন গাহৰিৰ

ৰূপহীহাট, 10 ডিচেম্বৰ : লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া গাহৰি জুৰীয়াৰ মেলেকাধিঙত উত্তেজিত ৰাইজৰ আক্ৰমণত মৃত্যু হয়। বন গাহৰিটোৱে কেইবাদিন ধৰি গাঁওখনৰ খেতি পথাৰ অনিষ্ট কৰি আহিছিল। বৃহস্পতিবাৰে উত্তেজিত ৰাইজে মেলেকাধিং গাঁৱত বন গাহৰিটো প্ৰত্যক্ষ কৰি হাতে হাতে চোকা অস্ত্ৰ লৈ খেদি খেদি হত্যা কৰে।

wild-pig-kill-by-public
জুৰীয়াত ৰাইজৰ আক্ৰমণত প্ৰাণ গ‘ল বন গাহৰিৰ

উল্লেখ্য যে, বন গাহৰিটোৱে তিনিদিন ধৰি গাঁওখনত খেতি পথাৰ অনিষ্ট কৰাৰ অভিযোগ তুলি একাংশ লোকে বন বিভাগক খবৰ দিছিল যদিও বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে । আজি বন গাহৰিটো হত্যা কৰাৰ পিছত দগাঁও আৰক্ষী আৰু লাওখোৱা বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বন গাহৰিটোৰ মৃতদেহ চমজি লয় ।

লগতে পঢ়ক: নদীপৰীয়া অঞ্চলত অব্যাহত আছে গৰাখহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.