ETV Bharat / state

সুখ নিদ্ৰাত বন বিভাগঃ বনৰীয়া হাতীৰ সন্ত্ৰাসত নিদ্ৰাহৰণ কলিয়াবৰবাসীৰ

author img

By

Published : Jan 18, 2020, 9:15 AM IST

কলিয়াবৰত এজনীয়া হাতীৰ সন্ত্ৰাস অব‍্যাহত ৷ ধাৰাবাহিকভাবে উপদ্ৰৱ চলাই আহিছে হাতীটোৱে তৎসত্বেও উচিত পদক্ষেপ লোৱা নাই বন বিভাগে ৷ বিগত সময়ছোৱাত কলিয়াবৰৰ অন্তৰ্গত এখন গাঁৱত ঘৰ-দুৱাৰ, সা-সম্পত্তি লণ্ড-ভণ্ড কৰে সেই নিৰ্দিষ্ট হাতীটোৱে ৷

এজনীয়া হাতীৰ সন্ত্ৰাসত নিদ্ৰাহৰণ কলিয়াবৰবাসীৰ
এজনীয়া হাতীৰ সন্ত্ৰাসত নিদ্ৰাহৰণ কলিয়াবৰবাসীৰ

কলিয়াবৰ, 18 জানুৱাৰীঃ বিগত ভালেমান দিন ধাৰাবাহিকভাবে কলিয়াবৰত অব‍্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । নিশা হ'লেই হাতীৰ সন্ত্ৰাসত শঙ্কিত হৈ পৰে কলিয়াবৰীয়া গঁঞা ৰাইজ। শুকুৰবাৰে নিশা কলিয়াবৰ মহকুমাৰ মাধতাৰি আৰু পোৰাভেটি গাঁৱৰ দুখন ঘৰত উপদ্ৰৱ চলায় এটা বনৰীয়া হাতীয়ে। নিশা প্ৰায় ১২ মান বজাত পোৰাভেটি গাঁৱৰ অকণমান বৰাৰ ঘৰৰ বাৰান্দাৰ লোহাৰ গ্ৰীল ভাঙি ধানৰ বস্তাৰ ধান খোৱাৰ লগতে ধানৰ বস্তা লৈ যায় হাতীটোৱে ।

লগতে পঢ়কঃ শিল্পী দিৱসত জুবিন গাৰ্গৰ হুংকাৰ: ৰাজপাট নিদিয়ে বিজেপিক

আনহাতে, মাধতাৰি গাঁৱৰ গজেন নেওগৰ ঘৰৰ পকী বেৰ ভাঙি বনৰীয়া হাতীটোৱে বস্তাৰ ধান খাই দুটাকৈ ধানৰ বস্তা লৈ যায় । মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ নিদ্ৰা হৰণ কৰিছে বনৰীয়া হাতীয়ে । কেতিয়াবা যদি হাতীৰ জাক , কোনো সময়ত অকলে আহিও উপদ্ৰৱ চলাই বনৰীয়া হাতীয়ে ৷

এজনীয়া হাতীৰ সন্ত্ৰাসত নিদ্ৰাহৰণ কলিয়াবৰবাসীৰ

কিন্তু ইমানৰ পাছতো সুখ নিদ্ৰাত বন বিভাগ । বন বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ যুটীয়া উদ‍্যোগত সৌৰ শক্তি চালিত "পাৱাৰ ফেঞ্চিং" স্থাপনৰ পাচতো কলিয়াবৰৰ বৃহৎ অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ অব‍্যাহত আছে। পাৱাৰ ফেঞ্চিং দিয়াৰ পিচত বনৰীয়া হাতী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগৰ তৎপৰতা বহু পৰিমাণে কমিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

Intro:কলিয়াবৰত এজনীয়া হাতীৰ সন্ত্ৰাস অব‍্যাহত

এইবাৰ মাধতাৰি আৰু পোৰাভেটি গাঁৱত উপদ্ৰৱ চলালে দুঘৰত

ধাৰাবাহিকভাবে উপদ্ৰৱ চলাই আহিছে উক্ত হাতীটোৱে

বন বিভাগে লোৱা নাই উচিত পদক্ষেপ

এইবাৰ হাতীৰ সহজ লক্ষ‍্য গঞা ৰাইজৰ ভঁৰালৰ ধানমুঠিBody:কলিয়াবৰত বনৰীয়া হাতীৰ তাণ্ডৱ যোৱা ভালেমান দিন ধাৰাবাহিকভাবে অব‍্যাহত আছে। নিশা হ'লেই সাম্ভাব‍্য হাতীৰ সন্ত্ৰাসত শঙ্কিত হৈ পৰে কলিয়াবৰীয়া গঞা ৰাইজ। যোৱা সময়ছোৱাত কলিয়াবৰৰ যিকোনো এখন গাঁও সেই নিৰ্দিষ্ট হাতীটোৰ উপদ্ৰৱৰ বলি হৈছে। ঘৰ-দুৱাৰ, সা-সম্পত্তি লণ্ড-ভণ্ড কৰিছে, খাইছে ভঁৰালৰ ধান।
যোৱা নিশাও কলিয়াবৰ মহকুমাৰ দুখন চুবুৰীয়া গাঁও মাধতাৰি আৰু পোৰাভেটি গাঁৱত হাতীয়ে দুখন ঘৰত উপদ্ৰৱ চলায়। নিশা প্ৰায় ১২ মান বজাত পোৰাভেটি গাঁৱৰ অকণমান বৰাৰ ঘৰৰ বাৰান্দাৰ লোহাৰ গ্ৰীল ভাঙি ধানৰ বস্তাৰ ধান খোৱাৰ লগতে ধানৰ বস্তা লৈ যায়।
আনহাতে, মাধতাৰি গাঁৱৰ গজেন নেওগৰ ঘৰৰ পকী বেৰ ভাঙি বনৰীয়া হাতীটোৱে বস্তাৰ ধান খাই লৈ যায় দুটাকৈ ধানৰ বস্তা। হাতী যোৱা পথটো ধানেৰে সিচৰিত হৈ পৰে।
মূলত কলিয়াবৰৰ কৃষি নিৰ্ভৰ লোকৰ ঘৰত বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে কলিয়াবৰী কৃষিজীৱি ৰাইজৰ। কিন্তু সুখ নিদ্ৰাত বন বিভাগ। বন বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ যুটীয়া উদ‍্যোগত সৌৰ শক্তি চালিত "পাৱাৰ ফেঞ্চিং" স্থাপনৰ পিচতো কলিয়াবৰৰ বৃহৎ অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ অব‍্যাহত আছে। পাৱাৰ ফেঞ্চিং দিযাৰ পিচত বনৰীয়া হাতী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগৰ তৎপৰতা বহু পৰিমাণে কমিছে বুলি অভিযোগ উঠিছে।Conclusion:Visials
AelBite1 : Gajen Neog
AelBite2 : Son, Akanman Borah
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.