ETV Bharat / state

চামগুৰিৰ হাঁহচৰা বৰালিগাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ

author img

By

Published : Oct 26, 2021, 5:50 PM IST

নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত বিয়লি হ'লেই সুলভ হৈ পৰে এটা বিশেষ দৃশ্য । বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বিয়লি হ'লেই গেন্ধেলি, ভকতগাঁও, মাজৰআটি, হেমাৰবড়ী আদি ঠাইত কৰে মুক্ত বিচৰণ । মঙলবাৰে হাঁহচৰা বৰালিগাঁৱত মুক্ত বিচৰণ কৰে হাতীৰ জাকটোৱে । শংকিত হৈ পৰে স্থানীয় ৰাইজ ।

WILD ELEPHANT ROAMIONG IN GENDHALI
চামগুৰিৰ হাঁহচৰা বৰালিগাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ

চামগুৰি, ২৬ অক্টোবৰ: বন্যহস্তীৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে নগাঁৱৰ চামগুৰিৰ ৰাইজ । বিয়লি হ'লেই চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে মুক্ত বিচৰণ কৰে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি গেন্ধেলি, ভকতগাঁও, মাজৰআটি, হেমাৰবড়ী আদি ঠাইত কৰে মুক্ত বিচৰণ বন্যহস্তীয়ে । পথাৰৰ শস্যও খাই গচকি নষ্ট কৰে বনৰীয়া হাতীৰ জাকটোৱে ।

বৃহত্তৰ অঞ্চলটোত প্ৰায় আঢ়ৈ মাহ ধৰি উপদ্ৰৱৰ কৰি আহিছে হাতীয়ে । আনহাতে, বহু চেষ্টা কৰিও হাতীকেইটা কাৰ্বি পাহাৰলৈ খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ । মঙলবাৰেও হাঁহচৰা বৰালিগাঁৱত মুক্ত বিচৰণ কৰে ৮টাকৈ হাতীৰ এটা জাকে । আতংকিত হৈ পথৰ ওপৰতে ৰৈ দূৰৰ পৰাই স্থানীয় ৰাইজে সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰে ।

বন বিভাগে চেষ্টা কৰাৰ উপৰিও স্থানীয় ৰাইজেও হাতীৰ জাকটো খেদিবলৈ চেষ্টা কৰি আহিছে । কিন্তু হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই । সেয়ে, হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰাৰ পাচতো কি কৰিব একো উপায় ভাৱি পোৱা নাই ৰাইজে ।

আনহাতে, বন্যহস্তীয়ে ইতিমধ্যে নগাঁৱৰ বিভিন্ন স্থানত ত্ৰাসৰ সৃষ্টি কৰিছে । কোনো কোনো স্থানত নিশা হ'লেই জনাঞ্চলত প্ৰৱেশ কৰে বন্যহস্তী । বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালো তচনচ কৰে হাতীয়ে । এই সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনোৱাৰ পাচতো ৰাইজে কোনো সুফল পোৱা নাই ।

কিয়নো, বন বিভাগেও হাতী খেদিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছে । আনহাতে, 'হাতীবন্ধু'ৰ দৰে স্বেচ্ছাসেৱী সংগঠনে হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে প্ৰয়াস কৰি আহিছে । কেইমাহমান পূৰ্বে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত হাতীখলি ৰংহাং গাঁৱৰ সমীপৰ পাহাৰত 'হাতীবন্ধু'ৱে বনৰীয়া হাতীক খাদ্য যোগান ধৰিব পৰাকৈ বিশেষ প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰি খেতি আৰম্ভ কৰিছিল ৷ যি কি নহওক চামগুৰিবাসীয়ে বন্যহস্তীৰ উপদ্ৰৱৰ সমস্য়া সমাধান কৰিবলৈ বন বিভাগৰ লগতে ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক:আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল চিৰাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.