ETV Bharat / state

বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে চামগুৰিবাসীৰ

খাদ্যৰ সন্ধানত প্ৰায়ে বনাঞ্চলৰ পৰা জলাঞ্চললৈ ওলাই আহে বন্যহস্তী ৷ জনাঞ্চললৈ ওলাই আহিয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে বন্যহস্তীয়ে ৷ শুকুৰবাৰে নিশাও হোজাই জিলাত কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে বন্যহস্তীয়ে ৷

author img

By

Published : Aug 22, 2021, 12:02 PM IST

elephant-terror-at-samaguri
চামগুৰিত নিশা বন্যহস্তীৰ উপদ্ৰৱ

চামগুৰি, 22 আগষ্ট : নগাঁও জিলাৰ চামগুৰিৰ পদুমণিত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত পদুমণিত পুনৰ বন্যহস্তীয়ে চলায় উপদ্ৰৱ । গৃহস্থৰ ঘৰৰ চাউল-দাইল খাই বিস্তৰ ক্ষতিসাধন কৰে বন্যহস্তীটোৱে । কথমপি প্ৰাণৰক্ষা পৰে দুই কণমানিসহ এগৰাকী বৃদ্ধাৰ ।

চামগুৰিত নিশা বন্যহস্তীৰ উপদ্ৰৱ

চামগুৰিৰ বিভিন্ন অঞ্চলত বহুদিন ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে । শুকুৰবাৰে নিশাও অঞ্চলটোৰ কেইবাটাও বাসগৃহত উপদ্ৰৱ চলাই বন্যহস্তীয়ে ৷ ঘৰৰ দেৱাল, খিৰিকী ভাঙি বন্যহস্তীয়ে কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতি কৰাৰ লগতে ভঁৰাল ঘৰ আৰু সা-সম্পত্তিৰো অনিষ্ট সাধন কৰে ৷

শনিবাৰে পুৱা বন বিভাগৰ বিষয়া উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ আনহাতে হাতীৰ উপদ্ৰৱত এতিয়া প্ৰায় নিৰাপত্তাহীন জীৱন-যাপন কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । চৰকাৰে অঞ্চলটোৰ হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

লগতে পঢ়ক : বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু দুটাকৈ হাতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.