কলিয়াবৰ, 8 আগষ্ট: কলিয়াবৰৰ কেলিডেন চাহ বাগিচা চৌহদত দেওবাৰৰ পৰা বোকাত আৱদ্ধ হৈ আছিল এজনী বন্যহস্তী (Elephant stuck in mud) ৷ উত্তৰাঞ্চল শালনা বনাঞ্চলৰ অন্তৰ্গত টুঙীয়া পাহাৰৰ নামনিত লক্ষীবস্তিৰ হোলাত আৱদ্ধ এই মাখুন্দীজনীৰ বয়স প্ৰায় ৪৫ বছৰ বুলি বন বিভাগে জানিবলৈ দিয়ে । কিন্তু অৱশেষত মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে হাতীজনীয়ে(Wild Elephant died at Kaliabor) ।
বন বিভাগে সন্দেহ প্ৰকাশ কৰা মতে, কোনো অন্য হাতীৰে সৈতে হোৱা সংঘৰ্ষৰ ফলতেই বোকাত পৰি আহত হৈছিল হাতীজনী । ইয়াৰ পিছতেই হাতীজনীক উদ্ধাৰৰ বাবে বনবিভাগে যৎপৰনাস্তি চেষ্টা চলায় । ইফালে, দুৰ্গম অঞ্চলত ঘটনাটো সংঘটিত হোৱাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল বনবিভাগৰ লোক ।
দেওবাৰে পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ এটা দল হাতীজনীৰ চিকিৎসাৰ বাবে ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসা কৰে যদিও সোমবাৰে অৱশেষত মৃত্যুমুখত পৰে প্ৰাপ্তবয়স্ক বনৰীয়া হাতীজনী ।
লগতে পঢ়ক : Elephant stuck in mud: কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আবদ্ধ বন্যহস্তী