ETV Bharat / state

তিনিটা হাতীয়ে টোপনি হৰিছে এখন গাঁৱৰ ৰাইজৰ - বন বিভাগ

চামগুৰিৰ গেন্ধালি ভকতগাঁৱত তিনিটাকৈ বন্যহস্তীয়ে এখন সৰু হাবিত বিগত কেইবাদিনো ধৰি অৱস্থান গ্ৰহন কৰিছে । প্ৰতি নিশাই ৰাইজৰ ঘৰ, ভড়াল আদি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খেতিপথাৰো বিনষ্ট কৰিছে হাতী কেইটাই ।

wild-elephant-creating-trouble-for-villagers
তিনিটা হাতীয়ে টোপনি হৰিছে এখন গাঁৱৰ ৰাইজৰ
author img

By

Published : Sep 7, 2021, 10:43 PM IST

চামগুৰি, 7 ছেপ্টেম্বৰ : নগাঁও জিলাৰ চামগুৰিত পুনৰ দিন দুপৰতে চলিছে বন্যহস্তীৰ মুক্ত বিচৰণ । খবৰ অনুসৰি, চামগুৰিৰ গেন্ধালি ভকতগাঁৱত তিনিটাকৈ বন্যহস্তীয়ে এখন সৰু হাবিত বিগত কেইবাদিনো ধৰি অৱস্থান গ্ৰহণ কৰিছে । সময়ে সময়ে বনৰীয়া হাতী কেইটাই হাবিখনৰ পৰা ওলাই আহি দিনৰ ভাগতে সমীপৰ জনাঞ্চলত মুক্ত বিচৰণ কৰা প্ৰত্যক্ষ কৰি সম্প্ৰতি প্ৰতিদিনেই ত্ৰাসৰ মাজত সময় অতিবাহিত কৰিছে স্থানীয় ৰাইজে ।

জানিব পৰা মতে, নিশা হ'লেই বন্যহস্তী কেইটাই বৃহত্তৰ অঞ্চলটোত উপদ্ৰৱ চলায় ৷ প্ৰতিনিশাই ৰাইজৰ ঘৰ, ভড়াল আদি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খেতিপথাৰো বিনষ্ট কৰিছে হাতী কেইটাই । অৱশ্যে, এই সন্দৰ্ভত মঙলবাৰে বন বিভাগে লাওঁখোৱা বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ পৰা কেইবাদিনৰো পূৰ্বে অনা দুটাকৈ বিভাগীয় ঘৰচীয়া বন্যহস্তী লগত লৈ ততাতৈয়াকৈ উপদ্ৰৱৰ সৃষ্টি কৰা বনৰীয়া হাতী কেইটাক খেদি পঠিয়াবৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰে ৷ বন বিভাগৰ বিষয়া-কৰ্মীৰ এটা দল গেন্ধালি ভকতগাঁৱৰ বিশেষ হাবিখনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ।

Man elephant conflict : তিনিটা হাতীয়ে টোপনি হৰিছে এখন গাঁৱৰ ৰাইজৰ

কিন্তু নিশা পৰ্য্যন্ত বহু চেষ্টাৰ অন্ততো হাতী কেইটাক বন বিভাগৰ লোকে পাহাৰলৈ পুনৰাই খেদি পঠিয়াবলৈ সক্ষম নোহোৱাত এতিয়া চিন্তা প্ৰকাশ কৰিছে একাংশ শংকিত গঞা ৰাইজে । অৱশ্যে বন বিভাগৰ লোকে আগতিয়াকৈ ৰাইজক অৱগত কৰি বিয়লি সোণকালে আহি হাতী কেইটা খেদাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনায় গেন্ধালি ভকতগাঁৱৰ ভুক্তভোগী গঞা ৰাইজে ।

লগতে পঢ়ক : সংৰক্ষিত গঁড়ৰ খড়্গ জ্বলাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ক’লেও নামানে জুবিন গাৰ্গে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.