কলিয়াবৰ,16 এপ্ৰিলঃ লকডাউনৰ বাবে পথাৰতে শাক-পাচলি নষ্ট হৈ কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে কলিয়াবৰত এইবাৰ বনৰীয়া ম'হৰ সন্ত্ৰাস ৷ কলিয়াবৰ মহকুমাৰ ২নং বিহডুবি গাঁৱত বৃহস্পতিবাৰে শাক-পাচলি,ফল-মূলৰ খেতিত উপদ্ৰৱ চলালে বনৰীয়া ম'হে ৷ যাৰ বাবে গাঁওখনৰ কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ ৷ ইপিনে এই সন্দৰ্ভত বন বিভাগক গাঁৱৰ ৰাইজে খবৰ দিয়ে যদিও বন বিভাগে এইপৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই বনৰীয়া ম'হৰ উপদ্ৰৱ ৷ তাকে লৈ এতিয়া শংকিত হৈ পৰিছে কৃষকসকল ৷
লগতে পঢ়কঃৰুষ্ট প্ৰকৃতি ! কাল ধুমুহাৰ তাণ্ডৱৰ ফলত ব্যাহত বিদ্যুৎ সেৱা