ETV Bharat / state

নগাঁৱৰ কুঠৰীত বনৰীয়া ম'হৰ সন্ত্ৰাস

কাজিৰঙাৰ পৰা ওলাই অহা বনৰীয়া ম'হে নগাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰিছে । ম'হৰ আক্ৰমণত আহত হৈছে এজন লোক । বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় লোকৰ ।

Buffalo attack
নগাঁৱৰ কুঠৰীত বনৰীয়া ম'হৰ সন্ত্ৰাস
author img

By

Published : Sep 2, 2021, 3:11 PM IST

কলিয়াবৰ, ২ ছেপ্তেম্বৰ: নগাঁও জিলাৰ কুঠৰীত পুনৰ বনৰীয়া ম'হৰ সন্ত্ৰাস । বৃহস্পতিবাৰে পুৱা বনৰীয়া ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক । পুৱা প্ৰায় ৫ মান বজাত ঘৰৰ চোতালতে বনৰীয়া ম'হৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় কুন্দন গিৰি নামৰ লোকজনক ।

পেচাত অটোচালক কুন্দন গিৰিক সম্প্ৰতি জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । জানিব পৰা মতে, বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বিভিন্ন অঞ্চল । যাৰ বাবে বনৰীয়া ম'হকে ধৰি আন আন জন্তুবোৰ উদ্যানৰ সমীপৱৰ্তী অঞ্চলত প্ৰৱেশ কৰিছে ।

Buffalo attack
নগাঁৱৰ কুঠৰীত বনৰীয়া ম'হৰ সন্ত্ৰাস

যোৱা প্ৰায় দুদিনৰ পৰা কুঠৰীৰ অঞ্চলটোত এটা ম'হে অৱস্থান কৰি আছে । বন বিভাগক খবৰ দিয়াৰ পাছত বুধবাৰে নিশা ম'হটো খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও বিফল হয় । ফলস্বৰূপে পুৱাতে এই দুৰ্ভাগ‍্যজনক ঘটনাটো সংঘটিত হয় ।

নগাঁৱৰ কুঠৰীত বনৰীয়া ম'হৰ সন্ত্ৰাস

অভিযোগ মতে, নিশা স্থানীয় ৰাইজৰ অনুৰোধ আওকান কৰি মাজনিশা বন বিভাগৰ লোকে গুলী ফুটাই ম'হটো খেদি পঠিওৱাৰ অপচেষ্টা কৰিছিল । কিন্তু গুলীৰ শব্দ শুনি ম'হটো আতঙ্কিত হৈ পৰে । যাৰ বাবে এনেদৰে ম'হটোৱে মানুহক আক্ৰমণ কৰিছে বুলি সন্দেহ কৰিছে ৰাইজে ।

Buffalo attack
নগাঁৱৰ কুঠৰীত বনৰীয়া ম'হৰ সন্ত্ৰাস

ৰাইজে বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ পাছতে সষ্টম হৈ পৰিছে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকল । বন বিভাগৰ হাতীৰ সৈতে বনকৰ্মীসকল সেই স্থানত উপস্থিত হৈ ম'হটো খেদি পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰে । অৱশেষত বনবিভাগৰ লোকসকলে ম'হটো সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় ।

লগতে পঢ়ক:দেৰগাঁৱত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.