নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ : প্ৰেমে একো নামানে , প্ৰেমত পৰা মানুহে প্ৰেমৰ বাহিৰে একো নেদেখে ৷ সেয়েই কথাতে বহুতে কয়, প্ৰেম হেনো অন্ধ ৷ পিছে প্ৰেম অন্ধ হ’লেও হয়তো কোনোবা নহয় কোনোবাটো মূহুৰ্তত প্ৰেমত লাভ কৰা প্ৰতাৰণাই চকু খুলি দিয়ে বহু প্ৰেমিক প্ৰেমিকাৰ ৷ পিছে আজি আমি আপোনালৈ লৈ আহিছো এহাল বিশেষ দম্পত্তীৰ কথা, তেওঁলোকৰ জীৱনত যিমান প্ৰতাৰণা আছে তাতোকৈ অধিক আছে প্ৰেম ৷ যি প্ৰেমে আচৰিত কৰি তুলিব আপোনাকো ৷
ঘটনাৰ কেন্দ্ৰবিন্দু নগাঁও জিলাৰ ধিং অঞ্চলৰ এহাল দম্পতী ৷ বাহিৰৰ পৰা তেনেই সাধাৰণ যেন লাগিলেও তেওঁলোকৰ দাম্পত্য জীৱনত আছে এটা সুকীয়া কাহিনী ৷ তেওঁলোকৰ দহ বছৰীয়া দাম্পত্য জীৱনত এতিয়ালৈকে 25 বাৰ স্বামীক এৰি আন লোকৰ সৈতে পলাই গৈছে পত্নী গৰাকী ৷ আচৰিত নহয়নে ? পিছে ৰ’ব, তাতোকৈ আচৰিত কথাটো কি আপুনি জানেনে ?
যিমানবাৰেই পতিক এৰি আন পুৰুষৰ সৈতে পত্নী গৰাকী পলাই গৈছে ৷ প্ৰতিবাৰেই তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহিছে ৷ তাতোকৈ আচৰিত হ’ব লগীয়া বিষয়টো হৈছে প্ৰতিবাৰেই স্বামী গৰাকীয়ে নিজৰ পত্নীক পূৰ্বৰ দৰেই পুনৰ আদৰি লৈছে ৷ শেহতীয়াকৈ, মহিলা গৰাকীয়ে নিজৰ তিনি মহীয়া সন্তানটোক স্বামীৰ ঘৰতে এৰি পুনৰ আন কোনো পুৰুষৰ সৈতে পলায়ন কৰিছে ৷
এগৰাকী ড্ৰাইভাৰ হিচাপে কাম কৰি ঘৰ চলোৱা স্বামীৰ ঘৰৰ পৰা ছাগলীৰ খাদ্য আনিবলৈ যোৱাৰ অজুহাতত বাইশ হেজাৰ টকা লৈ মহিলা গৰাকীয়ে পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷ স্বাভাৱিকতেই স্বামীৰ পৰিয়ালৰ লোকে মহিলা গৰাকীৰ এনে কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে ৷ পিছে, পলায়ন কৰা মহিলা গৰাকীৰ স্বামীয়ে যেন পত্নী প্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ সিদ্ধান্ত লৈছে, অইন বাৰৰ দৰেই এইবাৰো তেওঁ পত্নী গৰাকীৰ বাবে আশাৰে বাট চাই ৰৈছে ৷
লগতে পঢ়ক : বিবাহিত সুন্দৰী মহিলাৰ প্ৰেমত পৰি কি হ’ল ভূৱা বেংকৰ মেনেজাৰৰ ?