বঢ়মপুৰ , 17 নৱেম্বৰঃ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি দেওবাৰে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও জিলাৰ বঢ়মপুৰত ৷ হিপজুৰ ৰহমান নামৰ যুৱকজনক পত্নী আৰু শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ পৰিয়াল আৰু ৰাইজৰ অভিযোগ অনুসৰি , মৃত যুৱকজনৰ পত্নীৰ দীৰ্ঘদিন ধৰি পৰ পুৰুষৰ লগত অবৈধ সম্পৰ্ক থকা বাবে স্বামীৰ লগত সংঘাত সৃষ্টি হয় ৷ এই সংঘাতে চুড়ান্ত ৰূপ পোৱাৰ পাচতে ৰাঙলুৰ এটা ভাড়াঘৰত থকা মৃত যুৱকজনৰ পত্নী লগতে পত্নী পৰিয়ালৰ 5 জন লোকে মিলি বিহু খুৱাই যুৱকজনক হত্যা কৰে ৷ স্থানীয় লোকে লগতে অভিযোগ উত্থাপন কৰিছে যে , আৰক্ষীয়েও পত্নীৰ পৰিয়ালৰ পৰা টকা লৈ হত্যাকাণ্ডৰ ঘটনাটোক গাপ দিবলৈ চেষ্টা কৰিছে ৷
লগতে পঢ়কঃ উদুলি মুদুলি মাজুলী! এফালে যদি ৰাস আনফালে আকৌ মিউজিক ফেষ্টিভেল