ETV Bharat / state

সাংবাদিকৰ কেমেৰা দেখি কিয় পলাল পঞ্চায়তৰ গাণনিক বিষয়া ? - nagaon news

একাংশ স্বাৰ্থলোভী জন প্ৰতিনিধিৰ বাবে এতিয়া চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে বহু দৰিদ্ৰ লোক ৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাঠপাৰা গাঁও পঞ্চায়তত ৷ পঞ্চায়তটোৰ গাণনিক বিষয়া আব্দুৰ ৰৌফৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত ধন দাবীৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধিকাৰীয়ে ৷

why-did-the-panchayats-accountant-run-after-seeing-the-journalists-camera-in-samoguri
সাংবাদিকৰ কেমেৰা দেখি কিয় পলাল পঞ্চায়তৰ গাণনিক বিষয়া ?
author img

By

Published : Jun 20, 2021, 7:05 PM IST

চামগুৰি, 20 জুন : দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে 2016 চনত দিছপুৰৰ গাদী দখল কৰা বিজেপি মিত্ৰজোঁটে পুনৰ এবাৰ 2021 চনৰ বিধানসভা নিৰ্বাচনতো ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় ৷ পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ তথা বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ কিন্তু ৰাজ্যত চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত একাংশ স্থানত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে ৷

একাংশ স্বাৰ্থলোভী জনপ্ৰতিনিধিৰ বাবে এতিয়া চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে বহু দৰিদ্ৰ লোক ৷ এইবাৰ তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাঠপাৰা গাঁও পঞ্চায়তত ৷ পঞ্চায়তটোৰ গাণনিক বিষয়া আব্দুৰ ৰৌফৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত ধন দাবীৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধিকাৰীয়ে ৷

সাংবাদিকৰ কেমেৰা দেখি কিয় পলাল পঞ্চায়তৰ গাণনিক বিষয়া ?

অভিযোগ অনুসৰি, কাঠপাৰা গাঁও পঞ্চায়তৰ গাণনিক বিষয়া আব্দুৰ ৰৌফে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰৰ জিঅ' টেগ আৰু ঘৰ দিয়াৰ নামত হিতাধিকাৰীৰ পৰা দাবী কৰিছিল ধন ৷ গাণনিক বিষয়াগৰাকীয়ে প্ৰতিজন হিতাধিকাৰীৰ পৰা ৱাৰ্ড মেম্বাৰৰ উপস্থিতিত ১০,০০০ কৈ টকা দাবী কৰাৰ অভিযোগ পোহৰলৈ আহিছে ৷ এনেদৰে ধন দাবী কৰাৰ খবৰ লাভ কৰি উক্ত স্থানত সাংবাদিক উপস্থিত হোৱাত গাণনিক বিষয়া আব্দুৰ ৰৌফে ফোন কৰাৰ ভাও জুৰি মৰাপাট খেতিৰ মাজেৰে পলায়ন কৰে ৷ এতিয়া গাঁৱৰ সচেতন ব্যক্তিসকলে কাঠপাৰা গাঁও পঞ্চায়তৰ গাণনিক বিষয়া আব্দুৰ ৰৌফৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি এইজন বিষয়াৰ দুৰ্নাতিৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : মোডী মন্ত্ৰীসভাত সোণোৱালে স্থান লাভ অসমৰ বাবে ইতিবাচক খবৰ: কুইন ওজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.