ETV Bharat / state

শিলঘাটৰ অসম সমবায় মৰাপাট কলত কৰ্মচাৰী আৰু পৰিচালন সঞ্চালকৰ মাজত শীতল যুদ্ধ - ১৪৪ ধাৰা সম্পৰ্কত সঠিক ধাৰণা

শিলঘাটত অসম সমবায় মৰাপাট কলৰ কৰ্মচাৰী আৰু পৰিচালন সঞ্চালকৰ মাজত বিৰাজ কৰিছে শীতল যুদ্ধই ৷ কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰা অন্য ধৰণে দাঙি ধৰাৰ অভিযোগ পৰিচালন সঞ্চালকৰ বিৰুদ্ধে ৷

অসম সমবায় মৰাপাট কল প্ৰতিষ্ঠান
author img

By

Published : Nov 21, 2019, 3:55 PM IST

কলিয়াবৰ,21 নৱেম্বৰ : কলিয়াবৰৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ কৰ্মচাৰী আৰু পৰিচালন সঞ্চালকৰ মাজত বিৰাজ কৰিছে শীতল যুদ্ধই ৷ যোৱা ৬ নৱেম্বৰত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে সমগ্ৰ জিলা খনতে জাৰি কৰিছিল ১৪৪ ধাৰা । এই নিৰ্দেশনাৰ ভিত্তিত কলিয়াবৰ মহকুমা প্ৰশাসনেও বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰ লগতে শিলঘাটস্থিত অসম সমবায় মৰাপাট কললৈ এক নিৰ্দেশনা প্ৰেৰণ কৰে । নিৰ্দেশনাটোত কল চৌহদৰ বাহিৰত ১৪৪ ধাৰা প্ৰয়োগ হোৱাৰ কথা কোৱা হৈছিল যদিও কলটোৰ পৰিচালন সঞ্চালক গৰাকীয়ে কলটোৰ বাহিৰে ভিতৰে ১৪৪ ধাৰা জাৰি হোৱা বুলি এক জাননী জাৰি কৰে ৷ ইয়াৰে পাচতে কলটোৰ কৰ্মচাৰীৰ লগতে সমগ্ৰ কলিয়াবৰতে তোলপাৰ । বিষয়টো সন্দৰ্ভত কলিয়াবৰৰ মহকুমাধিপতিগৰাকীয়ে মৰাপাট কল কৰ্তৃপক্ষৰ ১৪৪ ধাৰা সম্পৰ্কত সঠিক ধাৰণা নথকা বুলি মন্তব্য কৰে ৷

What happend in Assam jut association koliabor
বিশেষ জাননী

ইপিনে, সমগ্ৰ বিষয়টো সন্দৰ্ভত মৰাপাট কল কৰ্তৃপক্ষৰ ওচৰত ক্ষমা বিচাৰে পৰিচালন সঞ্চালকগৰাকীয়ে ৷ লগতে প্ৰশাসনৰ সৈতে আলোচনা মৰ্মে শুধৰণি কৰে ৷ কিন্তু ইয়াৰ অন্তৰালত কলটোত অৰাজকতাৰ সৃষ্টি কৰাৰ বাবে একাংশই ষড়যন্ত্ৰ ৰচিছে বুলি শ্ৰমিক পক্ষই সন্দেহ প্ৰকাশ কৰিছে ‌।

কি হৈছে কলিয়াবৰৰ অসম সমবায় মৰাপাট কল প্ৰতিষ্ঠানত

লগতে পঢ়ক : কলাক্ষেত্ৰত জন্ম দিয়া হ'ল অগপৰ ছাত্ৰ সংগঠন 'অসম ছাত্ৰ পৰিষদ'

Intro:এখন বিতৰ্কিত জাননী

তোলপাৰ অসম সমবায় মৰাপাট কল চৌহদ

কল কৰ্মীৰ প্ৰতিবাদত সেও মানিলে কল কৰ্তৃপক্ষই
Body:এখন বিশেষ জাননীয়ে তোলপাৰ লগাইছে কলিয়াবৰত। এই বিশেষ জাননীখন জাৰি কৰিছে অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালকে। যিটো সময়ত মৰাপাট কলটোৰ উৎপাদন হ্ৰাস পোৱাৰ বিপৰীতে পৰ্বতসম ধাৰৰ বোজাৰে ভাৰাক্ৰান্ত সেই সময়ত এনে হঠকাৰী জাননীয়ে শ্ৰমিকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অসমৰ ৰাইজ সাৱধান হ'বৰ হল। যিকোনো মুহূৰ্তত খৰ্ব হব পাৰে আপোনাৰ গণতান্ত্ৰিক অধিকাৰ। অসমীয়াৰ জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে হৰণ কৰিব ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ। ১৪৪ ধাৰা আইনৰ অপ-প্ৰয়োগৰে কাঢ়িব আপোনাৰ গণতান্ত্ৰিক অধিকাৰ। আপুনি নিজৰ ঘৰৰ ভিতৰতে ৫ বা ততোধিক লোকে কোনো আলোচনাত ভাগ লব নোৱাৰিব। ১৪৪ ধাৰা আইন ভংগৰ অপৰাধত দোষী সাব্যস্ত হব পাৰে আপুনি। শুনাত আচৰিত যেন লাগিলেও এনে হবলৈকে গৈ আছে। আখৰা আৰম্ভ হৈছে নগাওঁ জিলাত। ৬ নৱেম্বৰত নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ে সমগ্ৰ জিলা খনতে জাৰি কৰিছিল ১৪৪ ধাৰা আইন। এই নিৰ্দেশনাৰ ভিত্তিত কলিয়াবৰ মহকুমা প্ৰশাসনেও বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰ লগতে শিলঘাটস্থিত অসম সমবায় মৰাপাট কললৈ এক নিৰ্দেশনা প্ৰেৰণ কৰে। নিৰ্দেশনাটোত কল চৌহদৰ বাহিৰত ১৪৪ ধাৰা প্ৰয়োগ হোৱাৰ কথা কোৱা হৈছিল যদিও কলটোৰ পৰিচালন সঞ্চালক গৰাকীয়ে কলটোৰ বাহিৰে ভিতৰে ১৪৪ ধাৰা জাৰি হোৱা বুলি এক জাননী জাৰি কৰে । জাননী খন জাৰি কৰাৰ পাছতে কলটোৰ কৰ্মী কৰ্মচাৰীৰ লগতে সমগ্ৰ কলিয়াবৰতে তোলপাৰ।

কলিয়াবৰৰ মহকুমাধিপতি গৰাকীয়ে কল কৰ্তৃপক্ষৰ ১৪৪ ধাৰা সম্পৰ্ক ত সঠিক ধাৰণা নথকা বুলি মতপোষণ কৰিছে। শেহতীয়ভাবে পৰিচালন সঞ্চালক গৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ ওচৰত।
এই জাননীৰ প্ৰতিলিপি জিলা প্ৰশাসনে লাভ কৰাৰ পাছতো কল কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে শুধৰণি কৰে যদিও ইয়াৰ অন্তৰালত কলটোত অৰাজকতাৰ সৃষ্টি কৰাৰ এটা পক্ষৰ ষড়যন্ত্ৰ বুলি শ্ৰমিক পক্ষই সন্দেহ প্ৰকাশ কৰিছে‌। আনহাতে কলটোৰ বৰ্তমানৰ দুৰৱস্থাৰ বাবে ভৱিষ‍্যত অন্ধকাৰ বুলি ভাবিবলৈ বাধ্য হৈছে কলিয়াবৰীয়া ৰাইজ।
আনহাতে কলটোয়ে ভয়ঙ্কৰ ধাৰৰ বোজাত পোত গৈ থকা সময়ত এনে ধৰণৰ কৰ্ম-কাণ্ডই কলটোৰ কৰ্ম সংস্কৃতিত বাধক ৰূপে ঠিয় দিয়াত উৎপাদন অধিক হাৰত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।
Conclusion:visuals
bites

পৰৱৰ্তী প্ৰতিবেদন :

"ভয়াবহ অনিশ্চয়তাৰ মাজত শিলঘাটৰ অসম সমবায় মৰাপাট কল!

প্ৰতিদিনে কমিছে উৎপাদন, বাঢ়িছে ধাৰৰ বোজা!

এহেজাৰ পৰিয়ালক ভোকৰ ভাত দিযা মৰাপাট কলটোৰ ধাৰৰ পৰিমাণ আঠ কোটিৰো অধিক।

পঞ্চাশ বছৰৰো অধিক পুৰণি যন্ত্ৰই দিব পৰা নাই আকাংখ‍্যিত উৎপাদন

কৰ্মী পৰিষদ আৰু কল কৰ্তৃপক্ষ দুটা মেৰুত"

পৰৱৰ্তী প্ৰতিবেদনলৈ অপেক্ষা কৰিব লাগিব ই. টিভি ভাৰতৰ দৰ্শকসকল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.