ETV Bharat / state

জৈৱ-বৈচিত্ৰৰে ভৰপূৰ কলিয়াবৰৰ জয়সাগৰ দলনি - জয়সাগৰ দলনি

প্ৰবাদ অনুসৰি প্ৰমত্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰখা হৈছিল ৷  এই বাহৰত থাকোতেই টান নৰীয়াত পৰি জয়া আইদেউৰ মৃত্যু হোৱাত জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰত সমাধিস্থ কৰা হৈছিল ৷

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এটা জলাশয়
author img

By

Published : May 9, 2019, 12:47 PM IST

Updated : May 9, 2019, 1:01 PM IST

কলিয়াবৰ , 09 মে' : প্ৰবাদ অনুসৰি নানা যুদ্ধ-বিগ্ৰহত ব‍্যস্ত থকা স্বৰ্গদেউ প্ৰমত্ত সিংহই কলিয়াবৰত ৰজাবাহৰ পাতিছিল ৷ আৰু প্ৰমত্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰখা হৈছিল ৷ এই বাহৰত থাকোতেই টান নৰিয়াত পৰি জয়া আইদেউৰ মৃত্যু হোৱাত জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰত সমাধিস্থ কৰা হৈছিল ৷

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এটা জলাশয়

জয়া মৈদামৰ কাষতে থকা 16 হাজাৰ বিঘা মাটি-কালিৰ জলাশয়টোৰ নাম প্ৰতাপ সিংহই চেনেহী জীয়ৰী জয়াৰ নামেৰে নামাকৰণ কৰে ৷ পূবথৰীয়া মৌজাৰ বৃহৎ বিলখন পিচলৈ জয়সাগৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে ৷ জয়সাগৰ দলনি সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ৷

কলিয়াবৰ , 09 মে' : প্ৰবাদ অনুসৰি নানা যুদ্ধ-বিগ্ৰহত ব‍্যস্ত থকা স্বৰ্গদেউ প্ৰমত্ত সিংহই কলিয়াবৰত ৰজাবাহৰ পাতিছিল ৷ আৰু প্ৰমত্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰখা হৈছিল ৷ এই বাহৰত থাকোতেই টান নৰিয়াত পৰি জয়া আইদেউৰ মৃত্যু হোৱাত জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰত সমাধিস্থ কৰা হৈছিল ৷

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এটা জলাশয়

জয়া মৈদামৰ কাষতে থকা 16 হাজাৰ বিঘা মাটি-কালিৰ জলাশয়টোৰ নাম প্ৰতাপ সিংহই চেনেহী জীয়ৰী জয়াৰ নামেৰে নামাকৰণ কৰে ৷ পূবথৰীয়া মৌজাৰ বৃহৎ বিলখন পিচলৈ জয়সাগৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে ৷ জয়সাগৰ দলনি সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ৷

Intro:কলিয়াবৰৰ জয়সাগৰ দলনি,
শীত কালত পৰিভ্ৰমী চৰাইৰ কলৰৱত সাৰ পায় দাঁতি কাষৰীয়া গাঁওবাসীয়ে,
পক্ষী তীৰ্থ জয়সাগৰ দলনি, আছে পৰ্য‍্যটনৰ আকৰ্ষণীয় ক্ষেত্ৰ হোৱাৰ সকলো সমল,
বহু লুপ্তপ্ৰায় পক্ষীৰ বাসস্থান জয়সাগৰ দলনিBody:জয়সাগৰ দলনি, কলিয়াবৰ মহকুমাৰ এক জৈৱ-বৈচিত্ৰৰে ভৰপূৰ এক জলাশয়। দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণ স্থলী জলাশয়টো কলিয়াবৰৰ ঐতিহাসিক সমল ৰূপে চিহ্নিত হৈছে। নানা যুদ্ধ-বিগ্ৰহত ব‍্যস্ত থকা স্বৰ্গদেউ প্ৰমত্ত সিংহই কলিয়াবৰত ৰজাবাহৰ পাতিছিল। প্ৰমত্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰাখিছিল। এই বাহৰত থাকোতেই টান নৰীয়াত জয়া আইদেউ মৃত‍্যুমুখত পৰে। জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰতে সমাধিস্থ কৰিছিল। সেই ঠাই খণ্ড জয়া মৈদামৰ কাষতে থকা ১৬ হাজাৰ বিঘা মাটি-কালিৰ জলাশয়টোৰ নাম প্ৰতাপ সিংহই চেনেহী জীয়ৰী জয়াৰ নামেৰে নামাকৰণ কৰে। পূবথৰীয়া মৌজাৰ বৃহৎ বিলখন পিচলৈ জয়সাগৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে। এই জয় সাগৰ আহোম যুগৰ নৌ-বাহিনীৰ কেন্দ্ৰস্থল আছিল। ইয়াত যুদ্ধত ব‍্যৱহৃত নাও নিৰ্মাণ আৰু মেৰামতি কৰা হৈছিল।
লাহে-লাহে দিন বাগৰিল, সদায় ব‍্যস্ত থকা বিলখনত পক্ষীৰ ব‍্যস্ততা বাঢ়িল। শীতকালি আন ঠাইৰ পৰাও পক্ষী আহি জয়সাগৰৰ শোভা বঢ়ালে। জয়সাগৰৰ কাষৰীয়া গঞা ৰাইজে বৰ তৃপ্তিৰে কাৰো হানি-বিঘিনি নোহোৱাকৈ শ'ল, মাগুৰ, কাৱৈ, গৰৈ, কান্ধুলিৰে এসাঁজ উদৰ পূৰাই খাইছিল। বিশেষ ক্ষতি নোহোৱাকৈয়ে কেতিয়াবা কাষৰীয়া সাধাৰণ গঞাই মাজে-মধ‍্যে পক্ষীৰ মাংস-কণীৰ জুতি ল'লে। এচামৰ লোভ বাঢ়িল, জাল পাতি, চিকাৰ কৰি বনৰীয়া পক্ষীৰ বেহা এচাম লুভীয়া গ্ৰাহকৰ সহায়ত চলি থাকিল। এইবাৰ জয়সাগৰৰ বুকুত চকু পৰিল। শ'ল, কান্ধলি, মাগুৰ, গৰৈ, কাৱৈ মাছৰ ঠাইত পুখৰী খান্দি মীন পালনৰ আচিলাৰে জয়সাগৰত এতিয়া এচামৰ বেদখল আৰম্ভ হৈছে।
পক্ষী চিকাৰ স্থানীয় সচেতন ব‍্যক্তি আৰু সংগঠনৰ চেষ্টাত ক্ৰমাগতভাৱে কমিছে যদিও মীন পালনৰ বাবে বেদখল এতিয়াও চলি আছে। বেদখলৰ ফলত জলাশয়টোৰ এতিয়া প্ৰাকৃতিক জলাশয়টোলৈ আহিবলৈ পৰিভ্ৰমী পক্ষীয়ে বাট পাহৰা নাই। এতিয়াও প্ৰতি বছৰে হাজাৰ-হাজাৰ পৰিভ্ৰমী চৰায়ে শোভা কৰেহি। এই বছৰো তাৰ ব‍্যতিক্ৰম হোৱা নাই। কাম চৰাই, শৰালি হাঁহ, বৰটোকোলা, হাড়গিলা, শামুক ভঙা আদি পক্ষীৰ স্বাভাৱিক আশ্ৰয় থল হোৱাৰ উপৰিও শীতৰ আগমণৰ লগে-লগে বহু পৰিভ্ৰমি চৰাই জয়সাগৰলৈ আগমণ হয়, যিটো এইবেলিও ইয়াৰ ব‍্যতিক্ৰম হোৱা নাছিল। ইতিমধ‍্যে দুষ্প্ৰাপ‍্য পক্ষীৰ শাৰীত পৰা কেইবাবিধো পক্ষী স্থানীয় প্ৰকৃতিপ্ৰেমী বেচৰকাৰী অনুষ্ঠান "ফ্ৰে'ণ্ডশ্বীপ ফৰ এনিমেলচ্"এ "ডব্লিউ ডব্লিউ এফ"ৰ সহযোগত জয়সাগৰ দলনিক প্ৰায় শতাধিক পক্ষীৰ বাসস্থান ৰূপে আৱিস্কাৰ কৰিছে। যাৰ বেছিভাগেই শীতকালৰ পৰিভ্ৰমি চৰাই। ইতিমধ‍্য দুষ্প্ৰাপ‍্য কাক হাঁহ (অৰিয়েণ্টেল ডাৰ্টাৰ), বিয়েৰ পোচাৰ্ড, থেৰজেনিয়াড পোচাৰ্ড, পেচান টে'ল জাকান আদি জয়সাগৰ দলনিত সহজেই দেখিবলৈ পোৱা যায়। লগতে গ্লচিয়াচ আইবিজ, ব্লে'ক টেজেড আইবিজ, কমন কোট, গ্ৰে' লে'গ গীজ, ব্ৰাউন হে'ডেড গাল আদি বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰিত হয় জয়সাগৰ দলনি। শীতকালৰ সামৰণী পৰিল যদিও এতিয়াও ভালেমান দেশী বিদেশী পক্ষীয়ে জয়সাগৰ দলনিৰ শোভা বৰ্দ্ধনত কৃটিমালি কৰা নাই।
কলিয়াবৰৰ এক পৰ্য‍্যটন ক্ষেত্ৰ হোৱাৰ উপযুক্ত সমল থকা স্বত্বেও বেদখলে জলাশয়টোৰ জন্মদিনৱ-বৈচিত্ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। চৰকাৰী মীন আঁচনিৰ ধনেৰেও জয়সাগৰৰ বৃহৎ আকাৰৰ ভূমিত পুখুৰী খান্দিবলৈ যো-জা হাতত লৈছে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ বেদখলকাৰীৰৰ মীন পালন ক্ষেত্ৰসমূহ বাৰিষাৰ উপচি পৰা পানীৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰী ধনেৰে খাল খান্দি পানী ভাগ বোৱাই নিয়াৰ ব‍্যৱস্থাই জয়সাগৰৰ প্ৰতি আগন্তুক দিনত ভয়ানক বিপদ কঢ়িয়াই আনিব। তাৰোপৰি কাষৰীয়া উৰ্বৰ কৃষি ভূমিৰ প্ৰতিও ভাবুকি হৈ পৰিব বুলি কৃষক ৰাইজে আশঙ্কা প্ৰকাশ কৰিছে। স্থানীয় ৰাইজক জলাশয়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগ আৰু সচেতন কৰিবলৈ স্থানীয় প্ৰকৃতিপ্ৰেমী সংস্থাটোয়ে মহকুমা প্ৰশাসন আৰু "ডব্লিউ ডব্লিউ এফ"ৰ সহযোগত এই বৰ্ষৰ আৰম্ভণিতে যোৱা ৩ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্য‍্যসূচীৰে "জয়সাগৰ পক্ষী উৎসৱ"ৰ আয়োজন কৰিছিল। য'ত উপস্থিত আছিল অৰণ‍্য মানৱ যাদৱ পায়েং। ফ্ৰে'ণ্ডশ্বীপ ফৰ এনিমেল্‌চ মুখ‍্য কাৰ্য‍্যবাহী পশু চিকিৎসক ডা০ সুৰুজ প্ৰতীম কাকতিসহ সংগঠনটোৰ সদস‍্যসকলৰ লগতে স্থানীয় সচেতন।ব‍্যক্তি জলাশয়টোৰ সংৰক্ষণৰ বাবে আহোপুৰুষাৰ্থ কৰি আহিছে।Conclusion:Visuals
JD2 তেলীয়া সাৰেং,
JD3 কাম চৰায়,
JD4 বৰ বগলী,
JD5 সাধাৰণ বগলী,
JD6 JD7 ধনেশ
JD8 ক'লা মূৰীয়া বগলী
JD9 ডা০ সুৰুজ প্ৰতীম কাকতি
Last Updated : May 9, 2019, 1:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.