ETV Bharat / state

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ - আঁচনি খন ৰূপায়ণ

বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত হ’বলগা হৈছে চামগুৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম লৰিমুখত কেইবাখনো গাঁৱৰ জনসাধাৰণ ৷ সম্প্ৰতি অঞ্চলবাসীয়ে নৈ, খাল, বিলৰ পানী ব্যৱহাৰ কৰিবলগীয়া হোৱাত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ
এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ
author img

By

Published : Jun 23, 2021, 1:20 PM IST

চামগুৰি, 23 জুন: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম লৰিমুখত কেইবাখনো গাঁও সংলগ্ন হৈ থকা পানী যোগান আঁচনিটোৰ পৰা এটুপি বিশুদ্ধ খোৱা পানী খোৱাৰ পৰা চাৰি বছৰে বঞ্চিত হৈ অঞ্চলবাসী । উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে নতুনকৈ ঘৰে ঘৰে পানী যোগান আঁচনি ৰূপায়ন কৰিছে ৷ কিন্তু এই বিশেষ অঞ্চলটোত এতিয়াও সেই আঁচনি কাৰ্যক্ষম হোৱা নাই । মন কৰিবলগীয়া যে, আঁচনি খন ৰূপায়ণৰ নামত ঠিকাদাৰৰ গাফিলতিৰ বাবেই গাঁৱৰ ৰাইজে আজিও এটুপি খোৱা পানীৰ পৰা বঞ্চিত হৈ ৰ’ল ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ঠিকাদাৰে কেৱল পানী যোগান আঁচনিৰ কাৰ্যালয়টো অলপ ৰং কৰিয়ে দায়িত্ব সামৰিছে ৷ ফটা পাইপ তথা বিকল এই পশ্চিম লৰিমুখৰ পানী যোগান আঁচনিটো স্থানীয় ৰাইজে দীৰ্ঘ দিনৰ পৰা প্ৰত্যক্ষ কৰি আহিছে । ইপিনে এই পানী যোগান আঁচনিটোৰ বিষয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উচ্চপদস্থ বিষয়াক গাঁৱৰ ৰাইজে অৱগত কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ।

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ

ইয়াৰ ফলস্বৰূপে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত হ’বলগা হৈছে অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ জনসাধাৰণ ৷

সম্প্ৰতি অঞ্চলবাসীয়ে নৈ, খাল, বিলৰ পানী ব্যৱহাৰ কৰিবলগীয়া হোৱাত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ আশাত এতিয়া অঞ্চলটোৰ ৰাইজে আঁচনিটো পুনৰ মুকলি কৰিবলৈ স্থানীয় বিধায়কৰ লগতে নৱ গঠিত চৰকাৰখনক আহ্বান জনাইছে ৷ এনেদৰে ৰাজ্য বিভিন্ন প্ৰান্তত বিশুদ্ধ খোৱা পানী যোগান বাবে চৰকাৰে গ্ৰহণ আঁচনি কাৰ্যক্ষম নোহোৱাকৈ আছে ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় কৰি এই আঁচনিসমূহ হাতত লৈছে কিন্তু কাৰ্যত বগা হাতীত পৰিণত হৈছে বিভাগটোৰ এই আঁচনি সমূহ ৷ বিভাগটোৰ চৰম অবহেলা আৰু ঠিকাদাৰ আৰু বিষয়াৰ গাফিলতিৰ বাবে এটুপি খোৱা পানীৰ পৰা বঞ্চিত হ’ব লগীয়াত পৰিছে সাধাৰণ জনতা ৷ যি সময়ত ৰাজ্য বিভিন্ন প্ৰান্তত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷

বিভিন্ন ধৰণৰ বেমাৰ আজাৰত আক্ৰান্তত হৈছে খোৱা পানীৰ অভাৱত ৷ সম্প্ৰতি এই ক্ষেত্ৰত ৰাজ্যত নতুনকৈ গঠন হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ প্ৰসংগ NRC: প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিআইডিত গোচৰ আভিজিৎ শর্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.