ETV Bharat / state

এক বিশ্বমুখী যাত্ৰালৈ অনাদৃত পানী মেটেকা...

author img

By

Published : Apr 11, 2021, 2:10 PM IST

নগাঁও জিলাৰ ধিঙৰ আউনীআটী সত্ৰৰ ‘পাঞ্চজন্য’ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত 500 তকৈও অধিক পুৰুষ-মহিলাই পানী মেটেকাৰে প্ৰস্তুত কৰিছে বিভিন্ন ব্যৱহৃত সামগ্ৰী ৷ পানী মেটেকাৰে কঠ, বেগ, টুপী, ডাইনিং মেট, যোগা মেটকে ধৰি বহু প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰি প্ৰদূষণমুক্ত অসম গঢ়াৰ প্ৰয়াস এইসকল পুৰুষ মহিলাৰ ৷

hyacinth-product
পানী মেটেকা

চামগুৰি,11 এপ্ৰিল : গাঁৱৰ খাল, বিল, নৈত সততে পোৱা অনাদৃত পানী মেটেকাই এতিয়া আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে শ শ মহিলাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে । নগাঁও জিলাৰ ঐতিহ্যপূর্ণ আউনীআটী সত্ৰত কেইজনমান উদ্যমী পুৰুষ-মহিলাৰ প্ৰচেষ্টাত পানী মেটেকাৰ পৰা উৎপাদিত সামগ্ৰীয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যৰ লগতে দেশৰ বজাৰত ।

পানী মেটেকাৰ পৰা কঠ, বিভিন্ন ধৰণৰ মোনা, টুপী, ডাইনিং মেট, যোগা মেট আদিকে ধৰি বহু কেইবিধ প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰি প্লাষ্টিক তথা প্ৰদূষণমুক্ত অসম গঢ়াৰ এক সুন্দৰ প্ৰয়াস কৰিছে এইসকল পুৰুষ-মহিলাই । ইতিমধ্যে উৎপাদিত সামগ্ৰীয়ে ৰাজ্যৰ লগতে বহিঃৰাজ্যতো ব্যাপক সমাদৰ লাভ কৰি বজাৰ দখল কৰিছে । বৃহত্তৰ ধিঙৰ চৌপাশে থকা বিভিন্ন খাল, বিল, নৈ, জান আদিৰ পৰা পৰ্যাপ্ত পৰিমাণে থকা পানী মেটেকা সংগ্ৰহ কৰি তেওঁলোকে এনেদৰে নিৰ্মাণ কৰিছে বহু ব্যৱহৃত সামগ্ৰী ।

পানী মেটেকা

উল্লেখ্য যে, বিগত সময়চোৱাত আন্তর্জাতিক যোগ দিৱস উপলক্ষে নেডফিৰ জৰিয়তে তিনি হাজাৰ যোগা মেট ৰাজ্য চৰকাৰৰ হাতত বিক্ৰী কৰিছে পুৰুষ-মহিলাসকলে । ধিঙৰ আউনীআটী সত্ৰৰ ‘পাঞ্চজন্য’ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত ধিং-বটদ্ৰৱাৰ 500 তকৈও অধিক পুৰুষ-মহিলাই মেটেকাৰে সামগ্ৰী প্ৰস্তুত কৰি নিজেই গৌৰৱান্বিত হোৱাৰ লগতে আৰ্থিকভাৱেও হৈ পৰিছে টনকিয়াল ।

লগতে পঢ়ক : দিছপুৰলৈকে শিপা মেলিছে ব্ৰইলাৰ চিণ্ডিকেটে : আৰক্ষীৰ হাতত বিস্ফোৰক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.