ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত পদব্ৰজে কলিয়াবৰৰ চাৰি যুৱক

অখিল গগৈৰ মুক্তিৰ দাবীত কলিয়াবৰৰ চাৰি যুৱকৰ অভিনৱ পদক্ষেপ গ্ৰহণ ৷ যুৱক চাৰিজনে পদব্ৰজে কলিয়াবৰৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰে ৷ বৃহস্পতিবাৰে এই যাত্ৰাৰ চতুৰ্থ দিন ৷

Walk for Akhil at Kaliabor Assam etv bharat news
পদযাত্ৰা যুৱকৰ
author img

By

Published : Mar 13, 2020, 12:00 AM IST

কলিয়াবৰ,12 মাৰ্চঃ গোলাঘাট জিলাৰ মৰঙীৰ চাৰি কৃষক সন্তানে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবী বিচাৰি পদযাত্ৰা আৰম্ভ কৰিছে গুৱাহাটীলৈ । আৰক্ষীৰ বাধা নেওচি বুধবাৰে নিশা কলিয়াবৰৰ কুঠৰীত উপস্থিত হয় যুৱকৰ দলটো ৷ দলটোৱে বৃহস্পতিবাৰৰ পুৱা কলিয়াবৰৰ মাজেৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পদব্ৰজে যাত্ৰা কৰিছে গুৱাহাটী অভিমুখে । চাৰিদিনত ভৰি দিয়া পদযাত্ৰাটোৰ মূল লক্ষ্য অসমৰ জনতাৰ কণ্ঠ অখিল গগৈৰ মুক্তিৰ দাবী ।

পদযাত্ৰা যুৱকৰ

অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত নুমলীগড়ৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ যুৱককেইজনে পদযাত্ৰা আৰম্ভ কৰিছে ৷ পদযাত্ৰাৰ যোগেদি অখিল গগৈক চৰকাৰে বিনাচৰ্তে মুক্তি দিয়াৰ লগতে কা বিৰোধী কাৰাবন্দীক শীঘ্ৰে মুকলি কৰাৰ দাবী জনাব চৰকাৰক ৷ অখিল গগৈক শীঘ্ৰে মুকলি কৰি নিদিলে ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিব যুৱককেইজনে । এই সংগ্ৰামত ৰাইজৰ সহযোগ কামনা কৰিছে চাৰি যুৱকে ৷

লগতে চাওকঃকৰ'ণাৰ প্ৰভাৱ : কলা বজাৰত বিক্ৰী হৈছে মাস্ক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.