ETV Bharat / state

ৰাইজে গাঠিৰ ধনেৰে নিৰ্মাণ কৰিলে পথ

author img

By

Published : Jul 9, 2019, 8:45 PM IST

বটদ্ৰৱা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ পথ । এই গুৰুত্বপূৰ্ণ পথটো দীৰ্ঘদিন ধৰি শোচনীয় অৱস্থা হৈ থকাৰ বাবে মঙলবাৰে হাতে হাতে কোৰ পাচি লৈ ওলাই আহিল গাঁওখনৰ পুৰুষ মহিলা পথ মেৰামতিৰ বাবে । বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা গাঁও পঞ্চায়তৰ গুৰুত্বপূৰ্ণ শান্তিপুৰ আৰু লুঙামুখ পথটোৰ শোচনীয় অৱস্থাৰ দৃশ্য এইয়া ।

ৰাইজৰ গাঠিঁৰ ধনেৰে নিৰ্মাণ কৰিলে পথ

বটদ্ৰৱা, 9 জুলাই: চৰকাৰ আহিল চৰকাৰ গ’ল কিন্তু গুৰুত্ব প্ৰদান নকৰিলে বছৰ বছৰ ধৰি যাতায়তৰ সমস্যাৰে জৰ্জৰিত এই গাওঁখনক । বটদ্ৰৱা সমষ্টিৰ এইটো এটা গুৰুত্বপূৰ্ণ পথ । এই গুৰুত্বপূৰ্ণ পথটো দীৰ্ঘদিন ধৰি শোচনীয় অৱস্থা হৈ থকাৰ বাবে মঙলবাৰে হাতে হাতে কোৰ পাচি লৈ ওলাই আহিল গাঁওখনৰ পুৰুষ মহিলা পথ মেৰামতিৰ বাবে । বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা গাঁও পঞ্চায়তৰ গুৰুত্বপূৰ্ণ শান্তিপুৰ আৰু লুঙামুখ পথটোৰ শোচনীয় অৱস্থাৰ দৃশ্য এইয়া । বিধায়িকা আঙুৰলতা ডেকাৰ গৃহ গাঁৱৰ পৰা মাত্ৰ ২.৫ কিলোমিটাৰ ওচৰতে থকা এই পথছোৱাৰ দুৰৱস্থাৰ বাবেই এই অঞ্চললৈ অন্য অঞ্চলৰ লোকে আহিবলৈ মন নকৰে । এই গাঁওখনলৈ নাহে ১০৮ সেৱা । যাৰ বাবে ঠেলাতেই চিকিৎসায়লৈ নিব লগা হয় ৰোগীক । অঞ্চলটোৰ ৰাইজে বিয়া-সকাম আদি অনুষ্ঠিত কৰিলে নিজৰ ভিতৰতে সীমাবদ্ধ ৰাখিব লগীয়া হয় । প্ৰায় ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ ১০০ মিটাৰ মান নিৰ্মাণ কৰা হ'ল যদিও অন্য অংশ নিৰ্মাণ নহ’ল ।

ৰাইজৰ গাঠিঁৰ ধনেৰে নিৰ্মাণ কৰিলে পথ

তাৎপৰ্যপূৰ্ণ যে চাবুকধৰা গাঁও পঞ্চায়ত আৰু চাবুকধৰা জিলা পৰিষদ কংগ্ৰেছৰ দখলত যদিও পথটো থকা ৱাৰ্ডটো বিজেপিৰ দখলত । পথটোৰ দুৰৱস্থাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিও ৰাইজে কোনো সুফল লাভ নকৰাত মঙলবাৰে স্থানীয় ৰাইজে নিজেই পথটো মেৰামতি কৰিবলৈ ওলাই আহে । স্থানীয় মহিলা সকলে দিন হাজিৰা কৰি লাভ কৰা ধনৰ পৰা প্ৰতিগৰাকীৰ বিপৰীতে পাঁচ-দহ টকা সংগ্ৰহ কৰি পথটো মেৰামতি কৰে । স্থানীয় ৰাইজৰ অভিযোগ নিৰ্বাচনৰ সময়ত ভোট বিচাৰি জনপ্ৰতিনিধি সকল তেওঁলোকৰ অঞ্চললৈ আহে যদিও নিৰ্বাচনত বিজয়ী হোৱাৰ পিচতে তেওঁলোকলৈ পিঠি দিয়ে । বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাইও তেওঁলোকৰ অঞ্চলটোৰ যাতায়তৰ শোচনীয় অৱস্থাৰ খবৰ লোৱা নাই বুলিও ক্ষোভ উজাৰে অঞ্চলবাসীয়ে ৷

Intro:বটদ্ৰৱাত ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰিলে পথ । বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে ভুক্তভোগী ৰাইজে ।Body:চৰকাৰ আহিল চৰকাৰ গল কিন্তু গুৰুত্ব প্ৰদান নকৰিলে বছৰ বছৰ ধৰি যাতায়তৰ সমস্যাৰে জৰ্জৰিত এই গাওঁখনক । বটদ্ৰৱা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ পথ।এই গুৰুত্বপূৰ্ণ পথটো দীৰ্ঘদিন ধৰি শোচনীয় অৱস্থাহৈ থকাৰ বাবে মংগলবাৰে হাতে হাতে কোৰ পাচি লৈ ওলাই আহিল গাওখনৰ পুৰুষ মহিলা পথ মেৰামতিৰ বাবে । বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা গাঁও পঞ্চায়তৰ গুৰুত্বপূৰ্ণ শান্তিপুৰ আৰু লুঙামুখ পথটোৰ শোচনীয় অৱস্থাৰ দৃশ্য এইয়া । বিধায়িকা আঙুৰলতা ডেকাৰ গৃহ গাঁৱৰ পৰা মাত্র ২.৫ কিলোমিটাৰ ওচৰতে থকা এই পথছোৱাৰ দুৰাৱস্থাৰ বাবেই এই দুইটা অঞ্চললৈ অন্য অঞ্চলৰ লোকে আহিবলৈ মন নকৰে। এই গাওখনৈ নাহে ১০৮ সেৱা । যাৰ বাবে ঠেলাটেই চিকিৎসায়লৈ নিবলগা হয় ৰোগীক । অঞ্চলটোৰ ৰাইজে বিয়া-সকাম আদি অনুষ্ঠিত কৰিলে নিজৰ ভিতৰতে সীমাবদ্ধ ৰাখিব লগীয়া হয়।প্ৰায় ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ ১০০ মিটাৰ মান নিৰ্মান কৰা হ'ল যদিও অন্য অংশ নিৰ্মাণ নহল।তাৎপৰ্যপূৰ্ণ যে চাবুকধৰা গাঁও পঞ্চায়ত আৰু চাবুকধৰা জিলা পৰিষদ কংগ্ৰেছৰ দখলত যদিও পথটো থকা ৱাৰ্ডটো বিজেপিৰ দখলত।পথটোৰ দুৰাৱস্থাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিও ৰাইজে কোনো সুফল লাভ নকৰাত আজি স্থানীয় ৰাইজে নিজেই পথটো মেৰামতি কৰিবলৈ ওলাই আহে।স্থানীয় মহিলা সকলে দিন হাজিৰা কৰি লাভ কৰা ধনৰ পৰা প্ৰতিগৰাকীৰ বিপৰীতে পাঁচ-দহ টকা সংগ্ৰহ কৰি পথটো মেৰামতি কৰে।স্থানীয় ৰাইজে অভিযোগ নিৰ্বাচনৰ সময়ত ভোট বিচাৰি জনপ্ৰতিনিধি সকল তেওঁলোকৰ অঞ্চললৈ আহে যদিও নিৰ্বাচনত বিজয়ী হোৱাৰ পিচতে তেওঁলোকক পিঠি দিয়ে।বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাইও তেওঁলোকৰ অঞ্চলটোৰ যাতায়তৰ শোচনীয় অৱস্থাৰ খবৰ লোৱা নাই বুলিও ক্ষোভ উজাৰে অঞ্চলবাসীয়ে । _____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.