ETV Bharat / state

জখলাবন্ধা আৰক্ষীৰ জালত দুই দুৰ্ধষ গাড়ী চোৰ

author img

By

Published : Oct 24, 2019, 3:02 PM IST

পোহৰলৈ আহিছে আন্ত:ৰাজ্যিক গাড়ীচোৰ চক্ৰৰ তথ্য ৷ হোজাইৰ কাকী আৰু যোৰহাটৰ পুলিবৰৰ পৰা জখলাবন্ধা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুৰ্ধষ গাড়ী চোৰ দুটাক ৷

জখলাবন্ধা আৰক্ষীৰ জালত দুই দুৰ্ধষ গাড়ীচোৰ

জখলাবন্ধা, 24 অক্টোবৰ: ৰাজ্যত অব্যাহত আছে গাড়ীচোৰৰ দপদপনি ৷ বুধবাৰে নিশা জখলাবন্ধা আৰক্ষীৰ জালত পৰিল আন্ত:ৰাজ্যিক গাড়ী চোৰৰ দলৰ দুই সদস্য ৷ হোজাইৰ কাকী আৰু যোৰহাটৰ পুলিবৰৰ পৰা জখলাবন্ধা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুৰ্ধষ গাড়ী চোৰ দুটাক ৷ ঘটনা অনুসৰি বিগত ৬ ছেপ্তেম্বৰত কুঠৰীৰ হাৰমতীৰ পৰা এখন ডাম্পাৰ চুৰি কৰিছিল ধৃত দুই গাড়ী চোৰে ৷ সেই ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল জখলাবন্ধা আৰক্ষীয়ে ৷ অৱশেষত প্ৰায় ডেৰমাহ যোৰা অভিযানৰ অন্তত বুধবাৰে নিশা জখলাবন্ধা আৰক্ষী থানাৰ আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত অভিযানকাৰী দলে প্ৰথমে হোজাইৰ ২নং কাকীৰ পৰা গ্ৰেপ্তাৰ কৰে মিলন দাস নামৰ দুৰ্ধষ গাড়ী চোৰটোক ৷ ধৃত মিলন দাসক লগত লৈ নিশাই যোৰহাটলৈ ৰাওনা হয় আৰক্ষীৰ দল ৷ ইয়াৰ পাছতে যোৰহাটৰ পুলিবৰৰ পৰা গ্ৰেপ্তাৰ কৰে মিলন দাসৰ সহযোগী তথা ভাতৃ লুহিত দাসক ৷

উল্লেখ্য যে ধৃত গাড়ী চোৰৰ দলটোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাৰিখনকৈ ডাম্পাৰ চুৰি কৰি বিক্ৰী কৰিছিল নগালেণ্ডত ৷ আন্ত:ৰাজ্যিক গাড়ী চোৰৰ দলটোৰ আন চাৰিজন সদস্যৰ সন্ধানত শিৱসাগৰৰ গেলেকীতো অভিযান চলায় আৰক্ষীয়ে ৷ আনহাতে চুৰি হোৱা ডাম্পাৰৰ সন্ধানত অভিযান অব্যাহত আছে জখলাবন্ধা আৰক্ষীয়ে ৷

Intro:জখলাবন্ধা আৰক্ষীৰ সফল অভিযান

জখলাবন্ধা আৰক্ষীৰ জালত দুই দুৰ্ধষ গাড়ীচোৰ

হোজাইৰ কাকী আৰু যোৰহাটৰ পুলিবৰৰ পৰা গ্ৰেপ্তাৰ দুই গাড়ীচোৰ মিলন দাস আৰু লুহিত দাসBody:ৰাজ্যত অব্যাহত আছে গাড়ীচোৰৰ দপদপনি। জখলাবন্ধা আৰক্ষীৰ জালত পৰিল আন্ত:ৰাজ্যিক গাড়ীচোৰৰ দলৰ দুই সদস্য। হোজাইৰ কাকী আৰু যোৰহাটৰ পুলিবৰৰ পৰা জখলাবন্ধা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম দুজনকৈ দুৰ্ধষ গাড়ীচোৰ।

বিগত ৬ চেপ্তেম্বৰত কুঠৰীৰ হাৰমতীৰ এখন ডাম্পাৰ চুৰি কৰিছিল ধৃত দুই গাড়ী চোৰে। ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল জখলাবন্ধা আৰক্ষীয়ে। প্ৰায় ডেৰমাহৰ পিছত বুধবাৰে নিশা জখলাবন্ধা আৰক্ষী থানাৰ আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত অভিযানকাৰী দলে প্ৰথমে হোজাইৰ ২ নং কাকীৰ পৰা গ্ৰেপ্তাৰ কৰে মিলন দাস নামৰ দুৰ্ধষ গাড়ীচোৰটোক । ধৃত মিলন দাসক লগত লৈ নিশাই যোৰহাটলৈ ৰাওনা হয় আৰক্ষীৰ দল। যোৰহাটৰ পুলিবৰৰ পৰা গ্ৰেপ্তাৰ কৰে মিলন দাসৰ সহযোগী তথা ভাতৃ লুহিত দাসক।

ধৃত গাড়ীচোৰৰ দলটোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাৰিখনকৈ ডাম্পাৰ চুৰি কৰি বিক্ৰী কৰিছিল নগালেণ্ডত। আন্ত:ৰাজ্যিক গাড়ীচোৰৰ দলটোৰ আন চাৰিজন সদস্যৰ সন্ধানত শিৱসাগৰৰ গেলেকীতো অভিযান চলায়। আনহাতে চুৰি হোৱা ডাম্পাৰৰ সন্ধানত অভিযান অব্যাহত আছে জখলাবন্ধা আৰক্ষীৰ।Conclusion:visuals
bite : SDPO, Kaliabor
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.