নগাঁও,21 ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে পশুধনৰ অবৈধ সৰবৰাহ ৷ প্ৰতিদিনে পোহৰলৈ আহিছে চোৰাং পশুধন ভৰ্তি বাহন জব্দৰ ঘটনা ৷ ইয়াৰ মাজতে সোমবাৰে কলিয়াবৰ মহকুমা আৰক্ষীৰ যুটীয়া অভিযানতো জব্দ কৰা হয় চোৰাং গৰুভৰ্তি চাৰিখনকৈ ট্ৰাক ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত কলিয়াবৰ, বাগৰি আৰু চামগুৰি আৰক্ষীৰ অভিযানত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ পশুধনখিনি ৷
উল্লেখ্য যে,বহন চাৰিখনত আছিল ১১৩ টা গৰু আৰু ৪৮ টা ম'হ ৷ ইয়াৰ উপৰিও ইয়াৰ সৈতে জড়িত ১৩ জনকৈ লোককো আটক কৰিছে আৰক্ষীয়ে ৷ ঘটনা সংক্ৰান্তত কলিয়াবৰ, জখলাবন্ধা আৰু চামগুৰি আৰক্ষী নিৱেশত পৃথকে পৃথকে তিনিটাকৈ গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে পোহৰলৈ আহিব এই সৰবৰাহ কাৰ্যৰ আঁৰত কোন ব্যক্তি জড়িত হৈ আছে ৷
সমান্তৰালকৈ চামগুৰিৰ আমনিতো দেওবাৰে নিশা জব্দ হয় তিনিখনকৈ গৰু-ম'হ ভৰ্তি ট্ৰাক। উজনি অসমৰ দিশৰ পৰা নগাঁও অভিমুখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি আহি থকা অৱস্থাত গোপন সুত্ৰৰ খবৰ অনুসৰি চামগুৰি আৰক্ষীয়ে থানাৰ সন্মুখত বেৰিকেড লগাই নিশাই বাহন কেইখন জব্দ কৰে ৷ কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বাহনকেইখনৰ চালক ৷
লগতে পঢ়ক-গুৱাহাটীত উপস্থিত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি